Breaking

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথ…

0 16

লামাজান আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাইজে

শ্ৰমদান আগবঢ়াই মেৰামতি কৰে লামাজান অঞ্চলৰ জৰাজীৰ্ণ পথৰ

লামাজান উন্নয়ন সমিতিৰ উদ্যোগত আজি স্থানীয় ৰাইজে শ্ৰমদান আগবঢ়াই চমকং গাওঁ পঞ্চায়তৰ লামাজান, চেঙাজান অঞ্চলৰ কেবাটাও জৰাজীৰ্ণ পথৰ মেৰামতি কৰে।চৰকাৰলৈ আশা নকৰি নতুন চেঙাজান গাঁৱৰ পৰা নিলখীয়া হৈ কাৱৈমাৰী ঘাট সংযোগী পথ,বিঞ্চুপুৰ তিনিআলিৰ পৰা লামাজান বিহিয়া, ডিমৰুগুৰী হৈ কাৱৈমাৰী ঘাট

সংযোগী পথ,নিলখীয়াৰ পৰা জয়পুৰ, বাঁহবাৰী,লামাজান মিচিং হৈ বান্তৌ সংযোগী জৰাজীৰ্ণ পথ কেইটা লামাজান অঞ্চলৰ কেবাখনো গাঁৱৰ ৰাইজে শ্ৰমদান আগবঢ়াই মেৰামতিৰ কাম হাতত লয়। লামাজান উন্নয়ন সমিতিৰ

সভাপতি প্ৰহ্লাদ বৰা,উপ সভাপতি মহেন গগৈ, যতীন পেগু,দিলিপ পেগু, মুখ্য সম্পাদক পুণেশ্বৰ পেগুকে ধৰি বহু বিষয়ববীয়া আৰু নেতৃস্থানীয় লোকে শ্ৰমদান কাৰ্য্যসূচীত উপস্থিত থাকি দায়িত্ব পালন কৰে।

Leave A Reply