ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত আদিত চন্দ্ৰ কলিতাৰ গ্ৰন্থ স্মৃতিৰ পাপৰি উন্মোচন…

‘আজিৰ ভোগবাদী সমাজত গ্ৰন্থই এক নান্দনিক পৰিবেশ দান কৰিব পৰাটো গ্ৰন্থকাৰৰ কৃতিত্ব’ – ঘটেশ্বৰ বৰুৱা। ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত টংলা নিবাসী কবি আদিত চন্দ্ৰ কলিতাৰ নৱতম গ্ৰন্থ স্মৃতিৰ পাপৰি উন্মোচন কৰি ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,লেখক হৰেশ্বৰ কলিতাই কয় গ্ৰন্থ অধ্যয়ন কৰি অমৃতৰ সন্ধান লাভ কৰিব পাৰি, অৱশ্য ইয়াৰ বাবে শুদ্ধ বাছনি গ্ৰন্থ নিৰ্বাচন কৰিব লাগিব। তেহে ইয়াৰ স্থায়িত্ব লাভ কৰিব পৰা যাব। গ্ৰন্থ অধ্যয়ন হ’লেহে নতুন গ্ৰন্থৰ সৃষ্টি হ’ব। আনহাতে অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থখনৰ ওপৰত বিশিষ্ট কবি , টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ঘটেশ্বৰ বৰুৱাই কয় আজিৰ ভোগবাদী সমাজত গ্ৰন্থই এক নান্দনিক পৰিবেশ দান কৰিব পৰাটো গ্ৰন্থকাৰৰ কৃতিত্ব।

গ্ৰন্থ অধ্যয়নৰ সোৱাদ বয়স অনুপাতে ভিন ভিন হ’ব পাৰে। ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শঙ্কৰ দাসৰ সভাপতিত্বত কবি আদিত চন্দ্ৰ কলিতা আৰু স্নেহলতা কলিতাৰ বাসভৱনৰ চোতালত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ওদালগুৰি ৰত্ন ধৰণীধৰ মেধি, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,লেখক তাৰানাথ কলিতা,পুনুৰাম কলিতা , মাধৱদেৱ বঁটাপ্ৰাপক দেৱৰাজ সাপকোটা, টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নবীন বেজবৰুৱা,লেখক ঘনকান্ত ডেকা, কবি পূৰ্ণিমা ভূঞা , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক ড০ পৱিত্ৰ শৰ্মা, শিক্ষাবিদ প্ৰবীণ চন্দ্ৰ কলিতাই গ্ৰন্থৰ সুবাস, গ্ৰন্থৰ আদৰ ,সমাদৰ ,বৰ্তমান সময়ত গ্ৰন্থৰ আনাদৰ, গ্ৰন্থৰ মহত্বৰ ওপৰত সাৱলীলভাৱে চমু বক্তব্য ৰখাৰ লগতে স্মৃতিৰ পাপৰিৰ লেখক আদিত চন্দ্ৰ কলিতাক ভূয়সী প্ৰশংসা আৰু আশীৰ্বাদসূচক মন্তব্য কৰে।শিশুশিল্পী তুষাৰ কলিতাই বাঁহী বাদন আৰু অংকিতা কলিতাই গীত পৰিৱেশন কৰি জীপাল কৰি তোলে।

অনুষ্ঠানত ওদালগুৰি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক ৰমেন শৰ্মা,পত্ৰিকা সম্পাদক দ্বিপেন বৰা,কবি সন্মিলনৰ আহ্বায়ক জ্যোতি প্ৰসাদ কলিতা , প্ৰাক্তন জিলা সহকাৰী সম্পাদক তপেশ্বৰ ৰাভা,কাৰ্যনিৰ্বাহক অনন্ত নাৰায়ণ ভট্টাচাৰ্য, টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰা, টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিৱ প্ৰসাদ হাজৰিকা , টংলা সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক সবিতাৰাণী মহলীয়া , সংবাদসেৱী ফটিক ৰাভা, অৰূপ বড়ো, চিন্ময় ডেকাই উপস্থিত থাকে। জিলা সাহিত্য সভাৰ সম্পাদক নিৰ্মল চন্দ্ৰ নাথ ,লেখক আদিত চন্দ্ৰ কলিতাই শলাগৰ শৰাই যচা অনুষ্ঠানত জাতীয় সংগীতেৰে চফল সামৰণি পৰে।

Related Articles