Breaking

টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত বাতৰি কাকত বিতৰকক ৰাষ্ট্ৰীয় পতাকা প্ৰদান …

0 98

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত সমগ্র দেশে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহত্তৰ টংলা অঞ্চলত ৰ’দ- বতাহ ,বৰষুণকো নেওচি ঘৰে ঘৰে পৃথিৱীৰ খবৰ বিলোৱা বাতৰি কাকতৰ বিতৰক(হকাৰ)সকলক টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত আজি প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় পতাকা।

টংলা প্ৰেছ ক্লাৱৰ সভাপতি উজ্জ্বল কুমাৰ দাস , উপসভাপতি দিগন্ত কুমাৰ শৰ্মা, সম্পাদক কৌস্তভমনি শৰ্মা ,সহ সম্পাদক অৰূপ বড়ো ,কাৰ্যালয় সম্পাদক হৃদয়ানন্দ ৰাভা ,সদস্য ফটিক নন্দন ৰাভাই সহযোগিতা আগবঢ়োৱা ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা লাভ কৰি বাতৰি কাকতৰ বিতৰকসকলে পৰম সন্তোষ প্ৰকাশ কৰে।

টংলা চহৰৰ মাজ মজিয়াত ষ্টুডেন্ট’ছ কৰ্ণাৰৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা পেডেল মাৰি মাৰি টংলা চহৰৰ অলিয়ে- গলিয়ে,উপকন্ঠ অঞ্চল গাঁও সমূহতো খবৰ বিলোৱা বিতৰকসকল হৈছে ত্ৰিশ বছৰ ধৰি নিৰন্তৰে বিতৰকৰ কাম কৰা ৰাজু জুৱাড্ডাৰ ,২২ বছৰ ধৰি বিতৰকৰ কাম কৰা সুবীৰ ৰয় , ১৭ বছৰ ধৰি কাম কৰা বাবুল শৰ্মা ,পাঁচ বছৰ ধৰি কাম কৰা মাধৱ মণ্ডল আৰু বাতৰি কাকত এজেঞ্চি ষ্টুডেন্টছ কৰ্ণাৰৰ বাতৰি কাকত বিতৰক অভি কছাৰী।

Leave A Reply