Breaking

ৰাতিপুৱা ব্ৰেকফাষ্ট কিমান সময়ত কৰে? ব্ৰেকফাষ্ট কৰা উপযুক্ত সময়ৰ বিষয়ে জানি লওক…

0 137

ব্ৰেকফাষ্ট হৈছে দিনটোৰ প্ৰথম আহাৰ যিয়ে আমাৰ শৰীৰক দিনটোৰ বাবে শক্তি প্ৰদান কৰে। এনে পৰিস্থিতিত সঠিক সময়ত ব্ৰেকফাষ্ট কৰাটো অতি প্ৰয়োজনীয়। ব্ৰেকফাষ্ট নকৰিলে আমাৰ শৰীৰ ভাগৰুৱা, দুৰ্বল হ’ব পাৰে। ইয়াৰ বাহিৰেও ব্ৰেকফাষ্ট নকৰিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে আমি প্ৰতিদিনে ব্ৰেকফাষ্ট কৰাটো গুৰুত্বপূৰ্ণ।


বিজ্ঞানীসকলৰ মতে পুৱা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত ব্ৰেকফাষ্ট কৰিব লাগে। যদি এই সময়ত ব্ৰেকফাষ্ট কৰিব নোৱাৰে, তেন্তে ৰাতিপুৱা ১০ বজাৰ আগতে ব্ৰেকফাষ্ট কৰক। কিন্তু পলমকৈ সাৰ পালে সাৰ পোৱাৰ এঘণ্টাৰ ভিতৰতে ব্ৰেকফাষ্ট কৰাটো ভাল। কাৰণ ৰাতিটো খালী পেটেৰে থকাৰ পিছত আমাৰ শৰীৰক শক্তিৰ প্ৰয়োজন হয়। আমাৰ শৰীৰত গ্লুক’জৰ মাত্ৰা সাধাৰণতে ৰাতিপুৱা কম হয়। ব্ৰেকফাষ্ট কৰিলে আমাৰ শৰীৰত শক্তি পোৱা যায় আৰু আমাৰ পাচনতন্ত্ৰইও সঠিকভাৱে কাম কৰে।

ব্ৰেকফাষ্টত ফলমূল, শাক-পাচলি খাব লাগে। যি হজম শক্তিৰ বাবে উপকাৰী। বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলিৰ ৰস, অটমিল, কণী আদি খাব পাৰে। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত আমি অধিক খাদ্য খোৱাৰ পৰা বিৰত থাকোঁ আৰু তাৰ ফলত ওজনো নিয়ন্ত্ৰণত থাকে।


Leave A Reply