Breaking

ছয় মাহৰ পিছত বন্ধ হ’ব অটল অমৃত কাৰ্ডঃ মন্ত্ৰী কেশৱ মহন্ত

0 100

বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত জালুকবাৰী সমষ্টিৰ ৭৪৬৩৫ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম জে এ ৱাই) আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ(এম এম জে এ ৱাই) আয়ুস্মান কাৰ্ড সমূহ আনুষ্ঠানিক ভাবে বিতৰণ কৰে।

কামৰূপ উপায়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত ভাষণ দি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য সেৱা সাৰ্বজনীন কৰি দৰিদ্ৰ পৰিয়াল সমূহক স্বাস্থ্য সেৱাৰ যি অভিলাষী আঁচনি গ্ৰহণ কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে।

মন্ত্ৰী গৰাকীয়ে কয় যে এই আচঁনি খনৰ দ্বাৰা প্ৰতিজন হিতাধিকাৰীয়ে বছৰি পাঁচ লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব। ইতিমধ্যে ৰেচন কাৰ্ড থকা ৮৪ শতাংশ হিতাধিকাৰী এই আচঁনিত অন্তৰ্ভুক্ত হৈছে।

যি সকল লোকৰ ৰেচন থাকিও আয়ুস্মান কাৰ্ডৰ লাভ কৰাৰ বাবে আবেদন কৰা নাই সেই লোকসকলক অতি শীঘ্ৰে আবেদন কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যি সকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ সুবিধা হোৱাকৈ অসম চৰকাৰে আগন্তুক দিনত আৰু ৪০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকেও যাতে ইয়াৰ দ্বাৰা উপকৃত হ’য়।

মন্ত্ৰী মহন্তই লগতে কয় যে এই কাৰ্ডৰ জৰিয়তে ১৬০০ টকা ৰোগৰ চিকিৎসা অসমৰ দুই এখন ব্যক্তিগত চিকিৎসালয়ৰ বাদে সকলো চিকিৎসালয়ত কৰিব পাৰিব। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰধান মন্ত্ৰী‌ জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ আয়ুস্মান কাৰ্ড সম্পূৰ্ণ নোহোৱালৈকে অৰ্থাৎ ছয় মাহলৈ বৰ্তমান চলি থকা অটল অমৃত কাৰ্ড সমূহ কাৰ্য্যক্ষম হৈ থাকিব।

সভাত অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালক তথা অটল অমৃত অভিযানৰ উপ সঞ্চালক কমলজিৎ তালুকদাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জীয়ে ভাষণ প্ৰদান কৰে। সভাত কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাৰ লগতে কেইবাজনো বিষয়া উপস্থিত থাকে।

Leave A Reply