আজি ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন।(Atal Bihari Vajpayee)
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ২৫ ডিচেম্বৰত পালন কৰা হয় ‘ভাৰত সুশাসন দিৱস’।
বিশেষকৈ চৰকাৰৰ দায়বদ্ধতা, স্বচ্ছ প্ৰশাসনৰ বিষয়ে সজাগ কৰাৰ বাবে ২০১৪ চনত আৰম্ভ কৰা হৈছিল ‘ভাৰত সুশাসন দিৱস’।
আনহাতে আজি দিল্লীত মুকলি হ’ব ‘অটল কেণ্টিন’।
মাত্ৰ ৫ টকাতেই খাবলৈ পাব এসাঁজ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে এই পদক্ষেপ দিল্লী চৰকাৰৰ।
এনেধৰণৰ ১০০ খন কেন্টিন মুকলি কৰিব দিল্লী চৰকাৰে।

