autumn season: শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিও মতলিয়া৷ শিল্পীয়েও গায় কহুঁৱা বন অশান্ত মন শীৰ্ষক গান

দৈনন্দিন বাৰ্তা সেৱা, ২৪ ছেপ্টেম্বৰঃ শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিও মতলিয়া ৷ শিল্পীয়েও গায় কহুঁৱা বন অশান্ত মন শীৰ্ষক গান৷ সংগোপনে নামিছে শৰৎ৷ কঁহুৱাই মাতিছে আহিনক৷ শৰতৰ উমান পায় শুভ্ৰ, দলিছা পাৰিছে কহুঁৱাই ৷ প্ৰকৃতিয়ে সাজোন-কাচোন কৰিছে যেন শৰতৰ আগমনৰ বতৰা পায়৷(autumn season)

প্ৰকৃতিৰ সুন্দৰ ৰূপক সজাই তুলিবলৈকে যেন শৰতৰ আগমন৷ পদুলিত মুখত আহিন আৰু আহিন মানেই শৰতৰ ছাঁ৷ শৰতৰ আগমনৰ বতৰা লৈয়ে শাৰদীয় স্নিগ্ধতা সানি নৈৰ পাৰে পাৰে ফুলিছে কঁহুৱাই৷ শৰতৰ আগমনৰ উমান পাই শাৰদীয়ৰ পৰশ পৰিছে তেজপুৰৰ মৰা ডিপোটা নদীৰ পাৰ৷ (Nature)

নদীৰ কাষে কাষে হালি-জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কঁহুৱা৷ ডিপোটা নৈৰ কাষে কাষে ফুলা এই কঁহুৱা ফুলবোৰে বতাহত হালি-জালি নাচি যেন আহিনক হাত বাউল দি মাতিছে৷ ডিপোটা নদীৰ পাৰৰ কঁহুৱা ফুলৰ এই দৃষ্টিনন্দন দৃশ্যই এতিয়া মন্ত্ৰমুগ্ধ কৰিছে সকলোকে৷ প্ৰকৃতিৰ বুকুত কঁহুৱা ফুলবোৰে যেন সৌন্দৰ্যৰ মেলাহে পাতিছে৷ এই কঁহুৱা ফুলৰ মনোৰম দৃশ্যই যেন মানুহৰ মনলৈও লৈ আনিছে অফুৰন্ত আশা আৰু প্ৰেৰণাৰ বতৰা৷

কোনোবাই যদি নৈৰ পাৰৰ কহুৱা হৈ উৰিব খোজে, আন কোনোবাই সেই বিনন্দীয় পৰিৱেশৰ মাজত নিজৰ মনটোক কঁহুৱা কোমল কৰি প্ৰেমময় পৃথিৱীত এৰি দিয়ে৷ হয় এয়াই শৰৎ আৰু শৰতৰ আগমন৷ শিল্পী মুৰুলী নাথেও শৰৎৰ আগমনী গান গায় মতলীয়া৷

Related Articles