Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিয়নি, ১৯ ছেপ্টেম্বৰঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ, জলবায়ু মন্ত্ৰণালয়ে বিশেষ প্ৰজাতিৰ হলৌ বান্দৰৰ বাবে বিশ্ববিখ্যাত গিবন অভয়াৰণ্যত তেল আৰু গেছ খননৰ বাবে বেদান্ত নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানক অনুমতি প্ৰদান কৰাৰ পিছতেই এই সিদ্ধান্তৰ বিৰোধিতা আৰু পুনৰ বিবেচনাৰ বাবে বিভিন্ন দল-সংগঠনে আহবান জনায় অহা বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷(Oil and gas drilling in Gibbon Sanctuary)

কিন্তু ৰহস্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি প্ৰদানৰ পিছতেই অসম চৰকাৰ আৰু অসম বন্যপ্ৰাণী পৰিষদে অনুমতি প্ৰদান কৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ তাই আহোম ছাত্ৰ সন্থা [আটাছু]৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আটাছু, নকছাৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নীহাৰ বৰচেতিয়াই কয়– গিবনৰ এটা ইক’ ছেনচেটিভ এলেকাত তেল আৰু গেছ খনন কাৰ্যৰ বাবে অনুমতি প্ৰদান কৰা বিষয়টো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু আটাছুৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে৷

কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ আৰু বিশেষভাৱে বন, পৰিৱেশ মন্ত্ৰণালয়ে কি স্বাৰ্থত দিচৈ সংৰক্ষিত বনাঞ্চলৰ ৪.৪ হেক্টৰ মাটিত বেদান্তৰ অন্তৰ্গত কেইন ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতি প্ৰদান কৰিলে আজিৰ তাৰিখত সেয়া এক ৰহস্যজনক কথা৷ বিভিন্ন বন্যপ্ৰাণী, মূল্যৱান উদ্ভিদ প্ৰজাতিৰে ভৰি থকা অঞ্চলত তেল, গেছৰ খননৰ পিছতেই সেই অঞ্চলৰ জৈৱ-বৈচিত্ৰ্যলৈ যে ভাবুকি আহিছে তাৰ উদাহৰণ বাঘজানে আমাক ইতিমধ্যে দিছে৷ কিন্তু তাৰ পিছতো পৰিৱেশ-বন্যপ্ৰাণী সংৰক্ষণৰ পৰিৱৰ্তে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দি থকা গিবন অভয়াৰণ্যৰ বিৰল প্ৰজাতিৰ হলৌবান্দৰ আৰু ইয়াতে থকা মূল্যৱান উদ্ভিদ প্ৰজাতি আৰু বন্যপ্ৰাণীসমূহক ধবংসৰ গৰাহলৈহে ঠেলি দিয়াৰ চক্ৰান্ত কৰিছে বুলি ছাত্ৰ নেতাগৰাকীয়ে ব্যক্ত কৰে৷

লগতে তেওঁ কয়, গিবন অভয়াৰণ্য আৰু দিচৈ সংৰক্ষিত বনাঞ্চলত এটা আঁচোৰ পৰিবলৈ দিয়া নহ’ব৷ যদিহে সংশ্লিষ্ট কতৃৰ্পক্ষই সিদ্ধান্ত পুনৰ বিবেচনা নকৰে তেন্তে আটছুৱে বন্যপ্ৰাণী আৰু বনাঞ্চল সুৰক্ষাৰ বাবে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰে৷

একেটা বিবৃতিতে আটাছু তিতাবৰ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক অবিনাশ ফুকনে কয়– দিচৈ সংৰক্ষিত বনাঞ্চল তথা গিবন অভয়াৰণ্যত তেল আৰু গেছৰ খনন হ’লে ইয়াৰ বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে সামগ্ৰিকভাৱে এলিফেণ্ট কৰিড’ৰ হিচাপে থকা অঞ্চলটোৰ কৃষক ৰাইজৰ লগতে বনৰীয়া হাতীৰ জাকসমূহক ড্ৰিলিং কাৰ্যই ব্যাপক আতংকিত কৰি তুলিব বুলি বন্যপ্ৰাণী বিশেষজ্ঞসকলে ইতিমধ্যে ব্যক্ত কৰিছে৷ কিন্তু ইয়াৰ পিছতো বিশেষজ্ঞৰ মতামত, দল-সংগঠনৰ বিৰোধিতাক আওকাণ কৰি বেদান্ত নামৰ বহুজাতিক প্ৰতিষ্ঠানে তেল-গেছ খননৰ যো-জা চলাই নিয়াৰ বিষয়টোত আটাছুৱে কঠোৰ বিৰোধিতা কৰাৰ লগতে প্ৰকৃতিৰ ওপৰত এই ধবংসযজ্ঞ চলাবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে৷

Related Articles