দুলীয়াজানত আটাছুৰ উত্তাল প্ৰতিবাদ : জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ২ ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী

 ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক  জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে শাসনৰ গাদীত বহিয়েই নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰি ছয় জনগোষ্ঠীক চৰম বিশ্বাসঘাটকতা কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কোনো কাৰণতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাযাব বুলি যি ভাষ্য প্ৰদান কৰে ইয়ে প্ৰমাণ কৰিলে বি জে পি দল আৰু চৰকাৰৰ ছয় জনগোষ্ঠীৰ প্ৰতি থকা প্ৰকৃত মনোভাৱ প্ৰকাশ পাইছে বুলি মন্তব্য কৰে আটাছুয়ে । এই দৰে বাৰম্বাৰ অসমৰ ছয় জনগোষ্ঠীক প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰে চৰম প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি অহাৰ প্ৰতিবাদত আটাছু ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানৰ্মমে আজি পুৱা ১০.৩০ বজাৰ পৰা দুলীয়াজান আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাই দুলীয়াজান পিপলতল তিনিআলিত ২ ঘণ্টীয়া প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি চৰকাৰক সকীয়াই দিয়ে যে জনজাতিকৰণ বিষয়টো লৈ কেন্দ্ৰ ৰাজ্য কোনো এখন চৰকাৰে ভেকুভাওনা নকৰি সদিচ্ছাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা আটাছু আৰু  ছয় জনগোষ্ঠীৰ ৰাইজে কোনো কাৰণতে ক্ষান্ত নহৈ  যেতিয়া লৈকে চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিব তেতিয়ালৈকে গণতান্তিক ভাৱে আটাছুয়ে সৰ্বত্ৰে প্ৰতিবাদ কৰি যাব বুলি সকীৰণি দিয়ে ।

Related Articles