Breaking

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ…

0 14

মৰিয়নীৰ চেলেংহাটত No water no vote শ্লোগানেৰে আটচাৰ উত্তাল প্ৰতিবাদ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে।

মৰিয়নিৰ ছখন গাঁও পঞ্চায়ত আৰু তেত্ৰিছ খন গাঁওৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবৰ বাবে ২০১৩ বৰ্ষতে গ্ৰেটাৰ চেলেং নামেৰে এটা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল চেলেং হাতৰ লাওজানত।

কিন্ত এই আঁচনি নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতো পানী যোগান ধৰাত ব্যৰ্থ হৈছে বৰ্তমানৰ চৰকাৰ। যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ। প্ৰায় পঞ্চাশ কোটি টকাৰ ব্যয় সাপক্ষে নিৰ্মান কৰা এই পানী যোগান আঁচনি বগা হাতীত পৰিণত হৈছে।

যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা। আটছাৰ সহযোগত আজি স্থানীয় মহিলা সকলে কলহ/ বটুৱা বাল্টিং লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশুদ্ধ খোৱাপানী যোগান নিদিলে আগন্তুক নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ দিয়ে। এই সন্দৰ্ভত আটছাৰ হৈ দীনেশ চাহুৱে কিছু মন্তব্য আগবঢ়ায়।

Leave A Reply