গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza

১৭ মে’২০২৫ঃ Attack Gaza । গাজাত ইজৰাইলৰ আক্ৰমণত ২৪ ঘণ্টাত ১৪৬ জন লোকৰ মৃত্যু হৈছে। লগতে প্ৰায় ৪৫০ জন লোক আহত হয়। শেহতীয়াকৈ ইজৰাইলে গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ধাৰাবাহিকভাৱে ড্ৰ’ন আৰু মিছাইল আক্ৰমণ আকাশত সংঘটিত হৈ আছে।

শুকুৰবাৰে নিশাৰে পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত কমেও ১৪৬ জন পেলেষ্টাইনী নিহত হৈছে। গাজাৰ স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত শনিবাৰে এই কথা প্ৰকাশ কৰিছ সংবাদ সংস্থাই। যোৱা বৃহস্পতিবাৰৰ পৰা ইজৰাইলৰ বাহিনীয়ে গাজাত বিমান আক্ৰমণ চলাই আহিছে। বৃহস্পতিবাৰে নিশা নগৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ ফলত শুকুৰবাৰে ১৪৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।উত্তৰ গাজাৰ মাৰৱান আল চুলতান চহৰৰ এখন চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে, মাজনিশাৰ পৰা ৫৮টা মৃতদেহ চিকিৎসালয়খনত উপস্থিত হৈছে। অৱশ্যে এই ধ্বংসাৱশেষৰ তলত আৰু বহু মৃতদেহ আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। চিকিৎসালয়খনত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। গাজাৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ২৪ ঘন্টাত ইজৰাইলৰ আক্ৰমণত প্ৰায় ৪৫০ জন লোক আহত হৈছে।ইজৰাইল আৰু পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছৰ মাজত হোৱা যুদ্ধই প্ৰতিদিনে গাজা ষ্ট্ৰিপত দাগ পেলাইছে। প্ৰায় ডেৰ বছৰ ধৰি গাজাৰ বিধ্বংসী অৱস্থা। অস্থায়ী যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পৰাই ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰিছে। ৫ মে’ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছিল যে ইজৰাইলৰ বাহিনীয়ে হামাছৰ বিৰুদ্ধে অধিক তীব্ৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে। শুকুৰবাৰে ইজৰাইলৰ বাহিনীয়ে উত্তৰ গাজা ষ্ট্ৰিপৰ বেইট লাহিয়া আৰু জাবালিয়া চহৰত আক্ৰমণ কৰে। ইয়াৰ পিছত গাজাবাসীক দক্ষিণৰ চহৰৰ ফালে যাবলৈ নিৰ্দেশ দিয়া হয়। কিন্তু সাধাৰণ গাজাৰ বাসিন্দাসকলে অভিযোগ কৰে যে ইজৰাইলৰ টেংকসমূহো দক্ষিণৰ খান ইউনিছ চহৰৰ দিশে আগবাঢ়িছে বুলি খবৰ আহিছে।

Related Articles