Breaking

৫০ টকাৰ বাবেই কিশোৰক হত্যাৰ অপচেষ্টা;গুৱাহাটীৰ বামুণীমৈদামত এই ঘটনা।

0 46

মাত্ৰ ৫০ টকাৰ বাবে হত্যাৰ চেষ্টা এজন কিশোৰক। ৫০ টকা এটা নিদিয়াৰ বাবেই কিশোৰক হত্যাৰ এই অপচেষ্টা সংঘটিত হৈছে মহানগৰীৰ বামুণীমৈদামত। মহানগৰীৰ বামুণীমৈদামৰ কলনী বজাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই হতভম্ব কৰি তোলে সকলোকে। ব্লেডেৰে ডিঙিত ৰেপ দি হত্যাৰ অপচেষ্টা কৰা হয় কিশোৰগৰাকীক। ঘটনাত গুৰুতৰভাৱে আহত কিশোৰজন উত্তৰ জ্যোতিনগৰৰ। সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত। ঘটনাৰ খবৰ পোৱাৰ লগে লগে চানমাৰি আৰক্ষীয়ে আহি আক্ৰমণকাৰী যুৱক কুশল নগৰৰ জিতুমণি কলিতাক আটক কৰে। জানিব পৰা মতে, আক্ৰমণকাৰী যুৱকজনে বিচাৰিছিল ৫০টকা। দিবলৈ অমান্তি হোৱা বাবেই আক্ৰমণ কৰে যুৱকজনে।

Leave A Reply