লাহৰীঘাটত যুৱকক দূৰ্বিত্তই দাৰে হত্যা কৰাৰ চেষ্টা

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাৱত  নিশা আবু ছুফিয়ান ( ৩১ ) নামৰ যুৱক জনক একেখন গাৱৰে আব্দুল ছাত্তাৰ নামৰ ব্যক্তিয়ে দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰে। জানিব পৰা মতে গুৰুতৰ বাবে জখম হোৱা আবু ছুফিয়ানকউন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হৈছে। লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োয়ে ঘটনা স্হলীত উপস্থিত হৈ তদন্ত কৰি আক্ৰমণ কৰা দা উদ্ধাৰ কৰে। অৱশ্যে কি ঘটনা লৈ এনে হিংসাত্মক কাৰ্য্য হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। বাতৰি লিখা পৰলৈকে আক্ৰমণ কাৰী আব্দুল ছাত্তাৰ পলাতক আছে। আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।  আক্ৰমণ কাৰী আব্দুল ছাত্তাৰ আৰু আবু ছুফিয়ানৰ বাসগৃহ একেবাৰে ওচৰা ওচৰি। 

Related Articles