হোজাইৰ থেপ্লাগুৰিত ৰাতিপুৱাই ভয়ংকৰ ঘটনা।
থেপ্লাগুৰি ডাঙৰীয়া বাবাৰ আশ্ৰমৰ সাধুক হত্যাৰ অপচেষ্টা।
আশ্ৰমৰ বৃদ্ধ সাধু ৰামকৃষ্ণ চৌহানক কুৰেৰে আক্ৰমণ কৰি আহত কৰে কোমোৰাকতাৰ দিনৰাজ হাচাম ফুৰা নামৰ যুৱক জনে।
উল্লেখ যে, যুৱকজনে দুবাৰকৈ কুৰেৰে সাধু জনক মূৰত আঘাত কৰাত সাধু জনৰ অৱস্থা গুৰুতৰ হয়।
যাৰ বাবে স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে হস্পিটেললৈ লৈ যায়।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ আক্ৰমণ কাৰী দিনৰাজ হাচাম ফুৰাক আটক কৰি লৈ হোজাই থানালৈ যায়।

