দৈনন্দিন বাৰ্তা সেৱাঃ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন কৰা প্ৰসংগক লৈ বিতৰ্কত শেহতীয়াকৈ মুখ খুলিছে অতুল বৰাই। অগপৰ সভাপতি গৰাকীয়ে কয় যে, শ্বেৰমান আলীয়ে অসমীয়া জাতিৰ সাংস্কৃতিক সত্ত্বাৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে৷ অসম চুক্তিৰ ফলত হোৱা শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিঞা সংগ্ৰহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব৷
মন্ত্রী গৰাকীয়ে লগতে কয়, শ্বেৰমান আলীক ভৱিষ্যতে তেনে মন্তব্য নিদিবৰ বাবেও আহ্বান জনায়৷ মিঞা সংগ্ৰহালয় স্থাপনৰ কথা ক’বলৈ অজিত ভূঞাৰ দৰে লোকৰ বাবেহে সাহস কৰিছে।

