বোকাখাত: Atul Bora বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ পৰিস্থিতি কিমান জটিল হৈ পৰিছে তাৰ এটা জ্বলন্ত উদাহৰণ অহা দেখা গৈছে। মঙলবাৰে মন্ত্ৰী অতুল বৰা জৰুৰীকালীন চিকিৎসা বিভাগ পৰিদর্শন কৰাৰ সময়তে, প্ৰেছাৰ জোখাৰ যন্ত্ৰই কাম নকৰাৰ ঘটনা সংঘটিত হয়।
মন্ত্ৰী বৰাই নিজেই চিকিৎসালয় পৰিদৰ্শনৰ সময়ত নিজৰ ৰক্তচাপ পৰীক্ষা কৰিবলৈ হাত আগবঢ়াইছিল। কিন্তু চিকিৎসকে যন্ত্ৰটো লগাওতেই, সম্পূৰ্ণ ৰূপে বিকল হৈ পৰে। ফলত, ৰক্তচাপ জোখাত ব্যৰ্থ হয়। এই ঘটনাই চিকিৎসালয়খনৰ ভৌতিক সুবিধা, যন্ত্ৰপাতিৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ওপৰত গুৰুতৰ প্ৰশ্ন তুলি ধৰিছে।
স্থানীয় ৰোগী আৰু ৰাইজৰ মাজতো এই ঘটনা লৈ উদ্বেগৰ সৃষ্টি হৈছে। বহুতে কয়, যদি মন্ত্ৰীৰ বাবে এই পৰিস্থিতি হয়, তেন্তে সাধাৰণ ৰোগীৰ অৱস্থা কিমান বেয়া হ’ব পাৰে সেয়া অনুমান কৰিব পাৰি।
এই ঘটনা পাছত মন্ত্ৰী বৰাই চিকিৎসালয়খনৰ সামগ্ৰিক ব্যৱস্থা, পৰিসৰ আৰু সেৱা সম্পৰ্কে মূল্যাংকন কৰে আৰু যথোপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে।