মিত্ৰতাৰ ধৰ্ম পালন কৰিলে কোনো সমস্যাই উদ্ভৱ নহ’লেহেতেন: অতুল বৰা – ATUL BORA

ATUL BORA । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম গণ পৰিষদ (অগপ)-ত তৃণমূল কৰ্মীসকলৰ ক্ষোভ প্রকাশ পাইছে। বিশেষকৈ, যিসমষ্টিত বিজেপিৰ বিধায়ক আছে, তাত অগপৰ নেতা-কৰ্মীসকল সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে তৃণমূল কৰ্মীসকলে।

এই অভাৱ-অভিযোগ আৰু আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তে যোৰহাটত তৃণমূল কৰ্মী আৰু জিলা নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। যোৰহাট জিলা অগপ কাৰ্যালয়ত মাজুলী আৰু যোৰহাট জিলাৰ অগপ নেতৃত্ব তথা ভাতৃ সংগঠনৰ সৈতে বৈঠকত অংশ লৈ অতুল বৰাই কয় —
“যিদৰে এটা পৰিয়ালৰ ভিতৰত মৰম বেছিকৈ পোৱা-কমকৈ পোৱা সদস্যৰ মাজত মনোমালিন্য হয়, ঠিক তেনেকুৱাই অগপৰ ভিতৰতো হৈছে। এই ক্ষোভ আমাৰ পাৰিবাৰিক সমস্যা, আমি এটা পৰিয়াল। সেইমতে সমাধান বিচাৰিব লাগিব।”

মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰে — “মিত্ৰতাৰ ধৰ্ম যদি সকলোৱে মানি চলিলেহেতেন, তেতিয়া এই সমস্যাবোৰ উদ্ভৱ নহ’লেহেতেন। যিসমষ্টিত বিজেপিৰ বিধায়ক আছে, তাত অগপ কৰ্মীসকলে কি সুবিধা পাইছে আৰু অগপ বিধায়ক থকা সমষ্টিত বিজেপি কৰ্মীসকলে কিদৰে আছে, তাৰ তথ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সভাপতি দিলীপ শইকীয়ালৈ দিয়া হ’ব।”

সভাপতি বৰাই ঘোষণা কৰে যে এই ধৰণৰ সমস্যা সমাধানৰ বাবে তেওঁ ধারাবাহিকভাৱে দলীয় কৰ্মীসকলৰ সৈতে বৈঠক চলাই থাকিব। তেওঁ লগতে কয় —
“মই ১১ বছৰ ধৰি অগপৰ সভাপতি। দলৰ কৰ্মীসকলৰ ত্যাগক মই স্বীকাৰ কৰোঁ। দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ আগবাঢ়ি যাব। বিশেষকৈ যুৱপ্ৰজন্মই অভিজ্ঞতা আহৰণ কৰি নিজকে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু কৰিব লাগে।”

এই বৈঠক আৰু মন্ত্ৰী অতুল বৰাৰ মন্তব্যক ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰাক-ভূমিত গুৰুত্বপূৰ্ণ বুলিয়ে মন্তব্য কৰিছে ৰাজনৈতিক মহলে।

Related Articles