বৰপেটা উন্নয়ন খণ্ডৰ নৱনির্মিত জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন আৰু প্ৰশিক্ষার্থীৰ আবাস গৃহৰ শুভ উদ্বোধন…

বৰপেটা উন্নয়ন খণ্ডৰ নৱনির্মিত জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন আৰু প্ৰশিক্ষার্থীৰ আবাস গৃহৰ শুভ উদ্বোধন। এই অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। এই গৃহটো শুভ উদ্বোধন কৰে অভিভাৱক মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ।

দুই কৌটি ব্যয় সাপেক্ষে এই প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণ কৰে। এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰায় ৬০ গৰাকী ব্যক্তি প্ৰশিক্ষণৰ ব্যবস্থা থাকিব।চৰকাৰৰ দৈনিক নতুন নতুন বিষয় সন্দৰ্ভত পঞ্চায়তৰ কৰ্মচাৰী সকলক প্ৰয়োজন হয়।

পূৰ্বতে গুৱাহাটীৰ কাহিকুছিট প্ৰশিক্ষণ দিয়া হৈছিল। এই প্ৰশিক্ষণ কেন্দ্ৰত চিৰাং আৰু বজালী জিলাৰ কৰ্মচাৰীয়ে প্ৰশিক্ষণ লব পাৰিব।বৰ্তমান বৰপেটাত কৰ্মচাৰীয়ে প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব বুলি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Related Articles