লাহৰীঘাটৰ অমৰাগুৰি পানী যোগান আঁচনিৰ শুভ উদ্বোধন

 জলজীৱন মিচন  আঁচনিৰ  ঘৰে ঘৰে পানী যোগানৰ লক্ষ্যৰে আজি  মৰিগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে লাহৰীঘাটৰ অমৰাগুৰি পানী যোগান আঁচনিৰ  অধীনস্থ হিতাধিকাৰী সকলক  ব্যৱহাৰিক ঘৰুৱা পানীটেপ সংযোগৰ শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে। এই উদ্বোধন অনুষ্টানত মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত বিষয়া. লাহৰীঘাট ৰাজহ চক্র বিষয়াৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয় ববীয়া সকলো উপস্থিত আছিল। উল্লেখ যে আজি উদ্বোধন কৰা এই জল জীৱন মিচনৰ দ্বাৰা অমৰাগুৰি পানী যোগান আঁচনিত ৩৪৮ জন হিতাধিকাৰীৰ ব্যৱহাৰিক  ঘৰুৱা পানীটেপ সংযোগ কৰাত বিশুদ্ধ খোৱা পানী উপলব্ধ হব ।

Related Articles