মহানগৰীত অটো এম্বুলেন্স, ফোন কৰিলেই পাব অক্সিজেনযুক্ত অটো এম্বুলেন্স।

গুৱাহাটীত যাতে অক্সিজেন আৰু এম্বুলেন্সৰ অভাৱত কোনো কোভিড ৰোগী মৃত্যু মুখত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটস্থিত পোদ্দাৰ কমপ্লেক্সত লায়ন্স ক্লাৱ অৱ গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া অটো অক্সিজেন-এম্বুলেন্স সেৱা মুকলি কৰে।ইয়াৰ বাবে দুটা হেল্প লাইন নম্বৰ মুকলি কৰে। এই নম্বৰ দুটা হ’ল-  ৯৪৩৫৬-৮৮৮৮৮ (94356-88888) আৰু ৯৪৩৫০-৩৫০০০ (94350-35000)।জৰুৰীকালীন সময়ত এই অটো এম্বুলেন্সৰ সহায়ত কোনো কোৰোণা ৰোগী হাস্পতাললৈ নিয়াৰ লগতে প্ৰয়োজন হ’লে অক্সিজেনো যোগান ধৰিব পাৰিব।এই বিনামূলীয়া অটো অক্সিজেন-এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰে গুৱাহাটী লায়ন্স ক্লাৱৰ  প্ৰাক্তন জিলা আহ্বায়ক ডঃ এম.অল. আগৰৱালাই। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লায়ঞ্চ ক্লাৱৰ সভাপতি  কিশোৰী চাবো, প্ৰকল্প অধ্যক্ষ অজয় পোদ্দাৰ।

প্ৰকল্প অধ্যক্ষ অজয় পোদ্দাৰে কয় যে গুৱাহাটী মহানগৰীত এই সেৱা প্ৰতি দিনে ২৪ ঘণ্টা বাহাল থাকিব।

Related Articles