ভাৰতত এভকাডোক (Avocado)ধনী মানুহৰ ফল বুলি গণ্য কৰা হয় যদিও ইয়াৰ মূল্য ইমানো বেছি নহয়, কিন্তু যদি আপুনি এইফলৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে আপুনি নিশ্চিয় খাব এইফল বিধ।
এভকাডো হৈছে স্বাস্থ্যকৰ আৰু পুষ্টিকৰ ফল। স্বাস্থ্য ভালে ৰাখিবলৈ এভকাডো খালে চিকিৎসকৰ ওচৰলৈ কমকৈ গ’লেও হ’ব।
কিয় এভকাডো খাব লাগে-
১/ পুষ্টিকৰ উপাদান বেছি
এভকাডোত ভিটামিন, খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে। বিশেষকৈ পটাছিয়াম, ভিটামিন চি, ভিটামিন ই, ফ’লেট, আৰু আঁহ ইয়াত পোৱা যায়, যিয়ে আমাৰ স্বাস্থ্য উন্নত কৰাত বহুত সহায় কৰে।
২/ হৃদযন্ত্ৰৰ স্বাস্থ্য
এভকাডোত পোৱা পুষ্টি আৰু আঁহে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
৩/ ওজন নিয়ন্ত্ৰণ
এভকাডোত ভাল পৰিমাণৰ ফাইবাৰ থাকে, যিয়ে আপোনাৰ ভোক কমোৱাত সহায় কৰে আৰু আপুনি দীৰ্ঘদিন ধৰি খোৱাৰ প্ৰয়োজন অনুভৱ নকৰে।
৪) ছালৰ বাবে উপকাৰী
এভকাডোত পোৱা ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদানে ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত থকা ফ’লেট আৰু ভিটামিন ইয়ে ছালখনক উন্নত কৰাত সহায় কৰে আৰু ছালখনক উজ্জ্বল আৰু সুস্থ কৰি ৰাখে।
৫/ মানসিক স্বাস্থ্য
এভকাডোত থকা প্ৰাকৃতিকভাৱে পোৱা আঁহ, ফ’লেট, ভিটামিন আদিয়ে আপোনাৰ মানসিক অৱস্থা উন্নত কৰাত সহায় কৰিব পাৰে। এই উপাদানসমূহে মানসিক চাপ কমোৱাত সহায় কৰে।
৬) আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী
এভকাডোত পোৱা আঁহে আপোনাৰ আন্ত্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। এইবোৰে আপোনাক কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে আৰু আপোনাৰ হজম শক্তি উন্নত কৰে। অৰ্থাৎ ইয়াৰ জৰিয়তে আপুনি আপোনাৰ পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে।

