“দ্ৰুতবেগ পৰিহাৰ কৰক, সোনকালে গৈ পোৱাতকৈ সুস্বাস্থ্যৰে গন্তব্যস্থান পাওক”, প্ৰজেক্সেল ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ‘উৎকৰ্ষ মহোৎসৱ’ত সহকাৰী পৰিবহণ আয়ুক্ত

আগন্তুক ৩১ডিচেম্বৰ, নৱবৰ্ষ উদযাপন, মাঘবিহুৰ আনন্দ উপভোগৰ সময়চোৱাত দুৰ্ঘটনাত মৃত্যুৰ খৱৰে যাতে কাকো হতাশ কৰিব নোৱাৰে তাৰ বাবে পৰিবহণ বিভাগে দিনে নিশাই অভিযান, সজাগতা অনুষ্ঠান অব্যাহত ৰাখিছে। বিভাগৰ এই এই তৎপৰতা দেখি কেতবোৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানেও সহযোগ কৰিছে পথ সুৰক্ষা সজাগতা অনুষ্ঠানলৈ। বুধবাৰে তেনে এক সামাজিক অনুষ্ঠান “প্ৰজেক্সেল ফাউণ্ডেচন”ৰ আহ্বানক্ৰমে অনুষ্ঠানটোৰ উৎকৰ্ষ মহোৎসৱত উপস্থিত হৈ সম্বৰ্ধনা গ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনৰ ভিতৰত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ সকলোকে অন্তঃকৰণে সহযোগ আগবঢ়াবলৈ অনুৰোধ জনায়।

যান-বাহন ব্যৱহাৰৰ সময়ত সকলোকে অধিক সতৰ্ক হোৱাৰ লগতে নিজৰ লগতে আনৰো সুৰক্ষাত মনোযোগ দিবলৈ আহ্বান জনাই তেওঁ কয় যে অত্যাধিক গতি পৰিহাৰ কৰক। সোনকালে পোৱাতকৈ সুস্বাস্থ্যৰে গন্তব্যস্থান পোাৱতহে মন স্থিৰ কৰক। উৎসৱৰ এই আনন্দময় সময়ত মদ্যপান কৰি গাড়ী নচলাব, বৰঞ্চ দুচকীয়া বাহনত চালক আৰোহী উভয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোকে ছীটবেল্ট ব্যৱহাৰ কৰি আৰু গাড়ী চলাওঁতে মোবাইলত কথা নপতাকৈ সুৰক্ষিত যাতায়াত গঢ়ি তুলি আনৰ বাবেও দৃষ্টান্ত দেখুৱাবলৈ নৱবৰ্ষৰ প্ৰাকক্ষণত তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰে পুৰণিক বিদায় আৰু নতুন বছৰক আদৰাৰ এই গুৰুত্বপূৰ্ণ সময়ত সকলোকে যানবাহন আইন মানি চলাৰ আহ্বান জনাই পথ সুৰক্ষা সজাগতামূলক গীত পৰিৱেশন কৰে । অনুষ্ঠানটোত “নিৰ্বাক”ৰ শিল্পীসকলে মুকাভিনয়ৰ জড়িয়তে যান-বাহন আইন মানি চলাৰ আহ্বান জনাই পথ সুৰক্ষা সজাগতাৰ প্ৰয়াস কৰে ৷

Related Articles