Breaking

জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষাৰ বটাঁ প্ৰদান, নিজে পঢ়ি ভাল হ’লে নহব, আনৰ কথাও ভাবিব লাগিবঃ ড° অমৰ জ্যোতি চৌধুৰী…

0 80

জিজ্ঞাস শৈক্ষিক ন্যাসৰ উদ্যোগত আয়োজিত ২৩ সংখ্যক জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক আজি বঁটা প্ৰদান কৰা হয়। জিজ্ঞাস শৈক্ষিক ন্যাসৰ পৰিচালন সঞ্চালক অক্ষয় চন্দ্ৰ কলিতাৰ সভাপতিত্বত গুৱাহাটীৰ আমবাৰীস্থিত অসম টেক্সটাইল ইনষ্টিটিউট প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়। ছাত্ৰ ছাত্ৰী সকলক বটাঁ প্ৰদান কৰি ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ কুলেন্দু পাঠকে শিক্ষাৰ্থীৰ লগতে অভিভাৱকৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে। ড৹ পাঠকে কয় যে কেৱল পাঠ্যক্ৰমৰ জ্ঞানেই সৰ্বস্ব নহয়। আজিকালিৰ শিক্ষাৰ পৰিসীমা যথেষ্ট বৃদ্ধি পাইছে। নতুন নতুন বিষয় সংযোজিত হৈছে। শিক্ষাৰ পৰিধি যিমানে বাঢ়িছে, সুবিধাও বাঢ়িছে। আগতে বৰ্তমানৰ দৰে সুবিধা নাছিল। পিছে এচাম অভিভাৱকৰ মাজত শেহতীয়াভাৱে নিজৰ সন্তানক অত্যধিক বোজা দি মানসিক হেচাঁ দিব বিচাৰে তেনে মানসিকতা ত্যাগ কৰিবলৈকো আহ্বান জনায়। বিশিষ্ট শিক্ষাবিদ ড৹ পাঠকে নিজৰ ভাষণত উল্লেখ কৰে যে আই এ এছ, আই পি এছ হোৱাৰ লগতে আই আই টিত আসন লাভ কৰিব পাৰিলে ভাল।

কিন্তু ইয়াত ব্যৰ্থ হোৱা মানে জীৱনত একো নহল তেনে নহয়। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰ পৰাই যদি কোনো শিক্ষাৰ্থীয়ে আই এ এছ হ’ম বুলি অধ্যয়ন আৰম্ভ কৰে তেন্তে কোনো কোচিং নোহোৱাকৈ উত্তীৰ্ণ হব পাৰে। নিজৰ জীৱন নিজেই গঢ়িব লাগিব। অভিভাৱকললৈ পৰামৰ্শ আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য গৰাকীয়ে সন্তানৰ প্ৰতিভাৰ ওপৰত জোৰ দিবলৈ কয়। প্ৰতিগৰাকী লৰা ছোৱালীৰ মাজত বিভিন্ন প্ৰতিভা থাকে। তেওঁ কোনোটো দিশত পাৰদৰ্শী তাক জানি লৈ অভিভাৱকে আগবঢ়াই নিব লাগে। লগতে নিজৰ সন্তানে যাতে পাঠ্যপুথিৰ শিক্ষাৰ ওপৰি দক্ষতাৰ শিক্ষাও লাভ কৰে তাৰ ওপৰত জোৰ দিয়ে। বৈদিক গণিত, আৰ্টিফিচেল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটাৰ আদিৰ বিষয়েও অধ্যয়ন কৰাৰ বাবে আৰু মোবাইলৰ ব্যৱহাৰ কমাবৰ বাবে আহ্বান জনায়। জিজ্ঞাস শৈক্ষিক ন্যাসে এনেধৰণৰ প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অমৰ জ্যোতি চৌধুৰীয়ে ৰাজ্যৰ উঠি অহা প্ৰজন্মই অসমক উজ্জ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ছাত্ৰ ছাত্ৰী সকলক উদ্দেশি ড৹ চৌধুৰীয়ে কয় যে ছাত্ৰ বা ছাত্ৰীগৰাকী চৰকাৰী বিদ্যালয়ত নে দামী বিদ্যালয়ত পঢ়িছে সয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে একাগ্ৰতা। গুৱাহাটীৰে চৰকাৰী বিদ্যালয়ত পঢ়া এটা দুখীয়া পৰিয়ালৰ তিনি সন্তানৰ কাহিনী দাঙি ধৰি কয় যে পিতৃ অশিক্ষিত হোৱা সত্ত্বেও তিনিও সন্তানে আই আই টি, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় মেডিকেল কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। প্ৰতিটো বিষয়ৰ ওপৰত খৰচী মাৰি পঢ়িলে সফলতাক কোনেও ৰখাব নোৱাৰে।

একেদৰে পঢ়ি শুনি ভাল মানুহ হ’লেই যে নহ’ব তাকো উনুকিয়াই দি ড৹ অমৰ জ্যোতি চৌধুৰীয়ে ভাল মানুহ হোৱাৰ পিছত আনৰ কথাও ভাবিবলৈ আহ্বান জনায়। লগতে লৰা ছোৱালীক ভাল আদৰ্শ দেখুৱাবলৈ কয়। উল্লেখ যে আজি এইবাৰৰ জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষাত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীৰে শীৰ্ষ ১৫ টা স্থান লাভ কৰা মুঠ ১৪০ গৰাকী পৰিক্ষাৰ্থীক প্ৰমাণ পত্ৰ আৰু এককালীন বৃত্ত প্ৰদান কৰা হয়। একেদৰে ৫০ শতাংশৰ অধিক নম্বৰ লাভ কৰা পৰিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ন্যাসৰ অধ্যক্ষ অক্ষয় চন্দ্ৰ কলিতা, সাপ্তাহিক জিজ্ঞাসৰ সম্পাদক ড৹ হুপেশ চৌধুৰী, জিজ্ঞাস প্ৰতিভাৰ সন্ধানী পৰীক্ষাৰ পৰীক্ষা নিয়ন্ত্ৰক গৌতম তালুকদাৰেও বক্তব্য আগবঢ়ায়। সুখ্যাতীৰে উত্তীৰ্ণ কেবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে। কংকন জ্যোতি নাথ আৰু প্ৰিয়ংকা বৰ্মনে আত ধৰা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই ন্যাসৰ শৈক্ষিক বিষয়া প্ৰফুল্ল বৰ্মনে। অনুষ্ঠানত কেবা শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক উপস্থিত আছিল।

Leave A Reply