Breaking

ন-দিহিং কাব্যালোচনীৰ বঁটা ঘোষণা।বিশিষ্ট কবি হৰেন গগৈ আৰু কৌস্তুভমণি শইকীয়া দত্তলৈ ন-দিহিং কাব্য বঁটা-২০২২…

0 1,651

জিলা এখনত সাহিত্যৰ দিশত সমাজৰ বাবে এটা ভাল কাম কৰি যোৱা যেনেই নগন্য বা চকুত পৰা নাযায়। কিন্তু তিনিচুকীয়া জিলাত এই ক্ষেত্ৰত ন-দিহিঙৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি সাহিত্য-সংস্কৃতিৰ লগত জড়িত কৰাই আহিছে। তিনিচুকীয়া জিলাৰ পৰা প্ৰকাশিত একমাত্র মাহেকীয়া কাব্যালোচনী দিহিঙৰ ন-দিহিং কাব্য বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানটোৰ ২১ আগষ্ট, দেওবাৰে হালালী যুৱ মঞ্চৰ আমন্ত্ৰণ আৰু অনুপ্ৰেৰণাত হালালী যুৱ মঞ্চৰ স্থায়ী কাৰ্যালয় ডাঙৰীস্থিত হালালী ভৱনত দিনজোৰা কাৰ্যসূচীৰে আয়োজনৰ প্ৰস্তুতি কৰিছে। ছৈখোৱা উন্নয়ন খণ্ডৰ এচিএচ বিষয়া অৰুণাভ সোনোৱালৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিবলগীয়া অনুষ্ঠানটোৰ সঞ্চালনা কৰিব কবি দ্বিপেন কুমাৰ বড়াই।

অনুষ্ঠানত এই বছৰৰ ন-দিহিং কাব্য বঁটা- ২০২২ বঁটাটো শিৱসাগৰ জিলা মেটেকাৰ বিশিষ্ট কবি হৰেন গগৈ আৰু তিনিচুকীয়াৰ বিশিষ্ট কবি কৌস্তুভমণি শইকীয়া দত্তক প্ৰদান কৰিব। অনুষ্ঠানত তিনিচুকীয়া জিলা লগতে ডাঙৰী, তালাপ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সু-সংগঠক, সমাজসেৱক প্রয়াত জ্যোতি প্ৰসাদ সোনোৱালৰ সোঁৱৰণিত ন-দিহিঙে “কাব্যজ্যোতি বঁটা’ প্ৰদান কৰিব অসমীয়া সাহিত্য, সমাজ -সংস্কৃতিলৈ অৱদান আগবঢ়োৱা বিশিষ্ট লেখক, প্রতিষ্ঠিত কবি, মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° নিৰোদ গোহাঁইক। অনুষ্ঠানত বিশিষ্ট কবি শ্বৰীফা খাটুন চৌধুৰী, বিশিষ্ট লেখক শৰৎ চন্দ্ৰ চিৰিং ফুকন, বিশিষ্ট লেখক লভিত শইকীয়া, বিশিষ্ট সমাজসেৱক কৰুণা সোনোৱাল, বিশিষ্ট অনুবাদক ড° ৰঞ্জিত দত্ত, জেষ্ঠ্য সাংবাদিক শান্তনু গোস্বামী, বিশিষ্ট সমাজসেৱক লক্ষ্মীনাৰায়ণ বাৰ্মা, লেখিকা ময়ূৰী শৰ্মা বৰুৱা, লেখিকা ড° ৰুনজুন শ‍ইকীয়া, অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক টিকাৰাম চেত্ৰী, কবি বন্দনা দাস দত্ত, চিকিৎসক ডা° দিলীপ কুমাৰ ফুকন, সমাজসেৱক বিৰাজ সোনোৱাল, সমাজসেৱক সন্তোষ কুমাৰ ভক্তিয়াৰীক ন-দিহিঙৰ বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে বিভিন্ন দিশৰ আঠ গৰাকী যুৱকক ‘যুৱ সম্বর্ধনা প্রদান কৰিব ক্রমে পৰিৱেশ কৰ্মী ঋতৰাজ বৰুৱা ,কবি মাধুৰিমা বড়া, সংগঠক উত্তম সোনোৱাল, চিত্ৰশিল্পী প্ৰবীণ সোনোৱাল, উদীয়মান যুৱকৰ্মী বিতুল হাজৰিকা, যুৱ ব্যৱসায়ী চুচেন সোণোৱাল, ক্ৰীড়া সংগঠক হৰপ্ৰসাদ সোনোৱালকে ধৰি আন কেইবাজনো ব্যক্তক সম্বৰ্ধনা জনোৱা হ’ব।

অনুষ্ঠানত অসমৰ কেইবাগৰাকীও বিশিষ্ট লেখক, সাহিত্যিক উপস্থিত থকা ওপৰিও কেইবাখনো জিলা আমন্ত্ৰিত কবিয়ে অংশগ্ৰহণ কৰিব বুলি জনোৱা লগতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব বুলি আলোচনীখনৰ মুখ্য সম্পাদক ৰতন শদিয়ালে জানিবলৈ দিছে।

Leave A Reply