তুষাৰ পালৰ চুটি ছবি “যোদ্ধা” লৈ বঁটা

চেলেংহাট হেলথ্ ক্লাৱৰ দ্বাৰা নিবেদিত শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ দ্বাৰা সম্পাদিত চুটি ছবি যোদ্ধা লৈ আগবঢ়োৱা হৈছে মহান ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ  বঁটা। উল্লেখ যে ক’ৰণাৰ যোদ্ধা চিকিৎসক ,নাৰ্চ  সকল আৰু  ৰোগি সকলক লৈ নিজৰ দায়িত্ব পালন কৰাৰ ওপৰত নিৰ্মান কৰা  চুটি ছবিখন ” যোদ্ধালৈ”মুম্বাইত অনুষ্ঠিত হোৱা   মহান ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ বঁটা  নিৰ্বাচিত হৈছে।অসমৰ পৰা প্ৰেৰণ কৰা একমাত্ৰ চুটি  ছবিখন নিৰ্বাচন কৰা হৈছে। তুষাৰ পালৰ দ্বাৰা ইতিমধ্যে কেইবাখনো সজাগতামূলক চুটি ছবি নিৰ্মান কৰা হৈছে ইয়াৰ ভিতৰত মৃত্যুদূত,আতংক ,যোদ্ধা ঘাটক,আদি । বৰ্তমান এই বঁটা পাই শৰীৰ চৰ্চাবিদ গৰাকী আনন্দিত হোৱাৰ লগতে ভৱিষ্যতলৈও এনে চুটি ছবি নিৰ্মাণ কৰাৰ কথা অৱগত কৰে ।

Related Articles