Breaking

বঙাইগাঁৱত সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বঁটা প্ৰদান

0 26

বঙাইগাঁও জিলাত অনুষ্ঠিত অসম সাংস্কৃতিক মহাসংগ্ৰাম”ৰ জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বঁটাসমূহ বৃহস্পতিবাৰে প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাৰ ভিতৰত আছিল বিহুনৃত্য প্ৰতিযোগিতা, লোকনৃত্য প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা, বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাসমূহ প্ৰথমতে গাঁও-পঞ্চায়ত পৰ্য্যায়ত অনুষ্ঠিত হয় আৰু তাৰ পিছত বিধানসভা সমষ্টি পৰ্য্যায়ত আৰু ইয়াৰ পিচক জিলা পৰ্য্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলাখনত ইতিমধ্যে জিলা পৰ্য্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হৈছিল যদিও বঁটাসমূহ বৃহস্পতিবাৰে সন্ধিয়াহে প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠান বঙাইগাঁও জিলা সদৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত কৰা হয়।

ফলাফল অনুসৰি বিহুনৃত্যৰ ১২ বছৰৰ পৰা ১৮ বছৰৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বীৰাংগনা বিহু দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে বঙাইগাঁও সাংস্কৃতিক গোষ্ঠী আৰু বঙাইগাঁও গোষ্ঠী চেমনীয়া দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰামধন বিহু দলে। বিহুনৃত্যৰ ১৯ বছৰৰ পৰা ২৪ বছৰৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে কুঁহিপাত বিহু দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে বঙাইগাঁও বিহু হুচৰি দলে আৰু বঙাইগাঁও সাংস্কৃতিক গোষ্ঠীয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নাজিতৰা জেং বিহু দলে।

আনহাতে ২৫ বছৰৰ পৰা ৩৫ বছৰ শাখাৰ বিহুনৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে যুটীয়াভাৱে পোপৰাগাঁও বিহু দল আৰু বঙাইগাঁও কালচাৰেল গ্ৰুপে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে বিৰিণা বিহু দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ৰামধেনু বিহুৱা দলে। লোকনৃত্য প্ৰতিযোগিতাৰ অন্তৰ্গত ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে চিলাৰায় নৃত্য দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিকুমণি ৰায়ৰ দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ঝাকুৱাপাৰা জুমুৰ নৃত্য দলে।

লোকনৃত্যৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে জানমণি নৃত্য দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে দেৱদাৰু দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে কাকাৰাগাঁও গোৱালিনী নৃত্য দলে। লোকনৃত্যৰ ২৫ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বোৱাৰী নৃত্য দলে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে বিতুমণি সিংহ নৃত্য দলে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে হিমচুমি গোস্বামীয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে প্ৰেৰণা কাশ্যপে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বনানী ৰায়ে।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ওংকাৰ ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে মিতালী ডেকাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিকুমণি ৰাজবংশীয়ে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে মানৱ ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে কস্মিতা গোৱালাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বিকাশ গোস্বামীয়ে।

জ্যোতি সংগীত প্ৰতিযোগিতাৰ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে হিমচুমি গোস্বামীয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে প্ৰেৰণা কাশ্যপে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে দীপলেখা দেৱীয়ে। জ্যোতি সংগীতৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে নিৰ্মালি ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে মিতালি ডেকাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিকুমণি ৰাজবংশীয়ে।

আনহাতে ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰেৱতী ভকতে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি দাসে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বুদ্ধ নাথে। ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে বনানী ৰায়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে দীপলেখা দেৱীয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে চোহিনী দাসে। ৰবীন্দ্ৰ সংগীতৰ ১৯বছৰ বয়সৰ পৰা ২৪বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে দেৱৰীকা ভট্টাচাৰ্য্যই, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ওংকাৰ ৰায়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বৰ্ণিতা দত্তই।

আনহাতে ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰেৱতী ভকতে,দ্বিতীয় পুৰস্কাৰ লাভ কৰে পাপৰি ডেকাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি দাসে ৷ ইপিনে বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰেৰণা কাশ্যপে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে দীপলেখা দেৱীয়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে হিমচুমি গোস্বামীয়ে। ৰাভা সংগীতৰ ১৯ বছৰ বয়সৰ পৰা ২৪ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে কবিতা সিংহই, দ্বিতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি ৰায়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে সুখদা বৰ্মনে।

আনহাতে বিষ্ণু ৰাভা সংগীতৰ ২৫ বছৰ বয়সৰ পৰা ৩৫ বছৰ বয়সৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰেৱতী ভকতে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে মানৱ ৰায়ে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নিৰ্মালি দাসে। বঙাইগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত জিলা আয়ুক্ত নিৰ্মালি বৰুৱাৰ তত্বাৱধানত বৃহস্পতিবাৰে সন্ধিয়াৰ বঁটা প্ৰদান অনুষ্ঠানত ওপৰোক্ত সকলো পুৰস্কাৰ বঁটাপ্ৰাপকসকলক প্ৰদান কৰা হয় ৷

উল্লেখ্য যে অসম সাংস্কৃতিক মহাসংগ্ৰাম”ৰ গুৱাহাটীত বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত বঙাইগাঁও জিলাৰ চিলাৰায় নৃত্য দলে লোকনৃত্যৰ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শাখাত ৰাজ্যিক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Leave A Reply