Breaking

বিহু গীতৰ বিশিষ্ট শিল্পী গীতিকাৰ, সুৰকাৰ বিমান বৰুৱালৈ ভিতালী দাস সোঁৱৰণী বঁটা…

0 35

বিশ্বত্ৰাস ক’ভিদৰ সময়তে ২০২১ চনৰ ২১ এপ্ৰিলত অকালতে মৃত্যুবৰণ কৰিছিল অসমৰ জনপ্ৰিয় কন্ঠশিল্পী তথা উত্তৰ গুৱাহাটীৰ সুসন্তান ভিতালী দাসে। ভিতালী দাসৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই ২০২২ চনৰ পৰাই প্ৰদান কৰি আহিছে “ভিতালী দাস সোঁৱৰণী বঁটা”। খ্যাতিসম্পন্ন শিল্পী তৰালী শৰ্মা, জনপ্ৰিয় কন্ঠশিল্পী জুবিলী বৰুৱাক ইতিমধ্যে এই বঁটা প্ৰদান কৰাৰ পিছত এইবছৰ গীতিকাৰ-সুৰকাৰ-কন্ঠশিল্পী বিমান বৰুৱাক ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান কৰাৰ বাবে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰয়াত ভিতালী দাসে কন্ঠদান কৰা  গৰিষ্ঠ সংখ্যক বিহু গীতৰ সৃষ্টি তথা সুৰকাৰ আছিল শিল্পী বিমান বৰুৱা। অহা ২৭ জুনৰ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী বিমান বৰুৱাক এই প্ৰদান কৰা হ’ব। বঁটা প্ৰদান কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক কবি সাহিত্যিক ড’পীতাম্বৰ দেৱগোস্বামীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব “আমাৰ অসম” কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা। উত্তৰ গুৱাহাটীৰ সংগীত শিক্ষানুষ্ঠান কৃষ্ণা সংগীত বিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানলৈ ভিতালী দাসৰ বহু কেইগৰাকী অনুৰাগীক আমন্ত্ৰণ জনোৱা হৈছে। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে ভিতালী দাসৰ বহু জনপ্ৰিয় গীতৰ আৰত আছে শিল্পী বিমান বৰুৱা । “নদী বাঢ়িলে ঐ …” , “মই নজনাকে জানৈ হ’লা নো বৰ এজনী” , ” নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান….” , “ফুল ফুলিছে বসন্ত —“, ” ঐ জান ঐ আকাশ খন ধুনীয়া –” ভিতালী দাসে কন্ঠ দান কৰা এনে বহু জনপ্ৰিয় গীতৰ আৰত আছে বিমান বৰুৱাৰ অবদান।

Leave A Reply