Breaking

মোমাই তামুলি বৰবৰুৱাৰ আদৰ্শৰে সমাজ প্রতিষ্ঠাৰ নতুন প্রজন্মক পৰামৰ্শ দিলে বঁটা প্রাপক ৰাজহ মন্ত্রী যোগেন মহনে

0 1,561

মোমাই তামুলি বৰবৰুৱা’ৰ নামত বটাঁ প্রদান কৰিয়েই দায়িত্ব সামৰিলে নহ’ব।সাধাৰণ শ্রমিকৰ পৰা আহোম ৰাজ প্রসাদৰ উচ্চ পদস্থ বিষয়া ৰূপে দায়িত্ব পোৱা মোমাই তামুলি বৰবৰুৱা’ৰ যি দক্ষতা, কমনিপুনতাৰ যোগেৰে নিজৰ যোগ্যতা নিৰূপন কৰি বৃহৎতৰ জাতিৰ নিমিত্তে কাম কৰি কম সময়ৰ ভিতৰত এগৰাকী সুনিপুণ দক্ষ বিষয়াৰ পদৱী লবলৈ সক্ষম হোৱা মোমাই তামুলি বৰবৰুৱা’ ৰ দৰে ব্যক্তিৰ নামত বটাঁ প্রদান কৰিয়েই দায়িত্ব সামৰিলে নহব। মহান ব্যক্তিৰ আদৰ্শৰে বৃহৎত্তৰ অসমীয়া জাতিৰ ভাষা – সংস্কৃতি স্বাৰ্থত নিজক উৎসৰ্গা কৰি মহান ব্যক্তি গৰাকীৰ আদৰ্শক প্রতিষ্ঠা কৰিবলৈ উঠি অহা নতুন প্রজন্মক পৰামৰ্শ আগবঢ়াই মোমাই তামুলি বৰবৰুৱা বটাঁ প্রাপক ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্রী যোগেন মহনে।

টাই আহোম য়ুথ ফৰামে আজি সোণাৰি মধ্য পাৰ্বতী পুৰ সাংস্কৃতিক কেন্দ্রৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক বমাত্য অনুষ্ঠানত সংস্থাটোৱে প্রদান কৰা মোমাই তামুলি বৰবৰুৱা’ বটাঁ গ্রহণ কৰি মন্ত্রী গৰাকী অতি আবেগ বিভল হৈ এনেদৰে কয়? মই মোমাই তামুলি বৰবৰুৱা’ ৰ বটাঁ বাবে যোগ্য নহয় তৎসত্ত্বেও মোৰ শুভাকাংখী সকলে এনে মহান ব্যক্তিৰ নামত বটাঁ প্রদান কৰি জাতি সমাজ আৰু দেশৰ বাবে কাম কৰিবলৈ যি উৎসাহ আৰু প্রেৰনা যোগাইছে তাৰ বাবে মই উদ্যোক্তা সকলৰ ওচৰত চিৰ কৃতজ্ঞ। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নাগালেণ্ড বিশ্ব বিদ্যালয়ৰ প্রাক্তন উপাচাৰ্য় ড: বলিন কোঁৱৰে নিজ ভাষণত কয় অসমত আহোম বুলি কোনো এটা জাতি নাই আমি সকলোৱেই অসমীয়া। বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্ব জীয়াই থাকিলেই আহোম’ৰ অস্তিত্ব জীয়াই থাকিব।ড: কোঁৱৰে চৰাইদেউ জিলাত এখন চ্যুকাফা বিশ্ব বিদ্যালয় স্থাপনৰ পোষকতা কৰি ৰাজহ মন্ত্রী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধমেশ্বৰ কোৱৰক এই গুৰু দায়িত্ব ল’বলৈ আহবান জনায়। সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি সোণাৰি সমষ্টিৰ বিধায়ক ধমেশ্বৰ কোৱঁৰে কয় ‘সমাজ খনৰ উঠি অহা নতুন প্ৰজন্মৰ বৌদ্ধিক ,উত্তৰণ,শৈক্ষিক জাতিৰ ভাষাৰ নিমিত্তে কাম কৰি অহা টাই আহোম য়ুথ ফৰামৰ উদ্দেশ্য অতি শক্তিৰূপত সমাজত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। টাই আহোম য়ুথ ফৰামৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিশ্বজিৎ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত বিশেষ বঁটা বিতৰণী অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে, সম্পাদক অম্লান জ্যোতি বৰবৰুৱা।

উক্ত অনুষ্ঠানতেই চৰাইদেউ জিলাৰ জেষ্ঠ সাংবাদিক তথা চৰাইদেউ বাতৰিৰ সম্পাদক মৃদুল কুমাৰ চাহু , পেচাদাৰী কুজৈ ‌ গ্ৰোপ কুইজৰ কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালী, বিশিষ্ট অধিবক্তা ডম্বৰুধৰ ৰাজকোঁৱৰ, আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, প্ৰাক্তন জিলা ক্ৰিয়া বিষয়া বম্বেশ্বৰ বৰুৱা, সোণাৰি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰবিন কোঁৱৰ, বিশিষ্ট সমাজ কৰ্মী ৰানা প্ৰতাপ সিনহা , সোণাৰি পৌৰসভাৰ পৌচপতি তিলক চন্দ্ৰ নেওগ আৰু আছুৰ চৰাইদেউ জিলাৰ সভাপতি দিলীপ বৰা, মাহমৰা আঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী পুমেশ্বৰ দিঈিগীয়া ৰ লগতে জিলা খনৰ বহু কেই গৰাকী বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা জনায়। উদীয়মান সাংবাদিক অভিজিৎ ভূঞাই আউধৰা অনুষ্ঠানত ‘ৰিক্ খুন ‘ নামৰ স্মৃতি গ্রন্থ উন্মোচন কৰাৰ পূৰ্বে গোলাঘাটৰ সাংস্কৃতিক দলেপৰি বেশন কৰে লাই লুং খাম নৃত্য। টাই আহোম য়ুথ ফৰামৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত চৰাইদেউ জিলাৰ সমিতিৰ আৰু সোণাৰি বাসায় সহযোগত আয়োজিত ৰিক্ – খ্বন- যুউ- খ্বন অনুষ্ঠানৰ লগত সংগতি ৰাখি বটাঁ প্রদান আৰু সম্বৰ্দ্ধনা আনুষ্ঠান অনুষ্ঠিত হয়। সন্ধ্যা ৫ বজাৰ পৰা আৰম্ভ হোৱা সভা খনৰ শলাগৰ শৰাই আগবঢ়াই দ্বীপ জ্যোতি বড়া আৰু মনিদ্বীপ মহনে।

Leave A Reply