পশ্চিম বংগৰ কলিকতাৰ (Awards Ceremony) অন্যতম সক্ৰিয় অনুষ্ঠান ‘আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদ’ৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাজদূত ভৱনত বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। ১০ আগষ্টৰ দিনা বিয়লি ৩ বজাৰ পৰা সুদক্ষ সংগঠক তথা পৰিষদৰ মুখ্য বিষয়ববীয়া কলিকতাৰ সুপৰ্ণা ৰয়ৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক অজিৎ কুমাৰ দাস, বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাপ্ৰাপক অশ্বিনী কুমাৰ নাথ আৰু বজালীৰ কবি গিৰিন্দ মেধিক কবিৰত্ন সন্মান ২০২৫ প্ৰদান কৰা হয়।
ইফালে সমাজৰত্ন সন্মান ২০২৫ লাভ কৰে ক্ৰমে মাজুলীৰ শিক্ষক তথা সমাজকৰ্মী অনুপ্ৰভা দেৱী, গৌৰিপুৰৰ কৃতি শিক্ষক জয়াৰাণী ৰয়, ধুবুৰীৰ সমাজকৰ্মী সোণালী চৌধুৰী আৰু নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী জয়ন্ত সিংহ বিশ্বাসে। প্ৰতিগৰাকী সন্মান প্ৰাপকক অংগ বস্ত্ৰ, গামোচা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে পৰিষদৰ তৰফৰ পৰা আদৰণী জনোৱা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথ আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।
ভাষণ প্ৰসংগত দুলাল নাথে পশ্চিম বংগ আৰু অসমৰ সাহিত্যৰ এনাজৰীডাল শক্তিশালী কৰাৰ ভূমিকা গ্ৰহণ কৰা কলিকতাৰ আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদক ধন্যবাদ জ্ঞাপন কৰি ভাষা সাহিত্যৰ সেৱাত সদাব্ৰতী থাকিবলৈ আহ্বান জনায়। অন্য গৰাকী বিশিষ্ট অতিথি শংকুসিদ্ধ নাথেও ভাষণ প্ৰসংগত অসম আৰু বংগৰ জাতীয় দায়বদ্ধতা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বন্ধ আৰু বিচক্ষণতাৰ সোঁৱৰণ কৰি এই সভাখনেও দুয়ো ৰাজ্যৰ সাহিত্যিক- সংগঠকসকলৰ বন্ধুত্বসুলভ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰিছে বুলি প্ৰকাশ কৰে। ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীত, বহুকেইগৰাকী কবিৰ কবিতা আৰু সাংস্কৃতিক কৰ্মী-অভিনেতাৰ সংলাপে সভাখনক এক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত সন্মানপ্ৰাপকৰ তৰফৰ পৰা অশ্বিনী কুমাৰ নাথে শলাগৰ শৰাই প্ৰদান কৰে।।

