নগাঁও : বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা কোভিড ১৯ মহামাৰীৰ বিৰুদ্ধে সজাগ কৰিবলৈ আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদাৰ্থী পৰিষদ নগাঁও জিলা সমিতিৰ সহযোগত আজি নগাঁও চহৰত কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ সম্পৰ্কত এক সজাগতা অভিযান কৰা হয়। চহৰখনৰ ৰামলাল দূৰ্গাদত্ত চাৰিআলিৰ পৰা উলিওৱা সজাগতা অভিযানৰ জৰিয়তে বৰবজাৰৰ দোকান পোহাৰ, তথা সৰ্বসাধাৰণ ৰাইজক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু সকলো সময়তে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱা হয়। উক্ত অভিযানৰ শুভাৰম্ভণি কৰে জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতো, ৰাজু ৰয়, দীপাংকৰ দাস, মৃদু পৱন নাথ, মাধুৰ্য শইকীয়া, নিলোৎপল বৰা প্ৰমুখ্যে এ বি ভি পি ৰ বহু কাৰ্যকৰ্তা উপস্থিত থাকে।