২০৬নং গোমোঠা প্ৰাথমিক বিদ্যালয়ত পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা…

২০৬নং গোমোঠা প্ৰাথমিক বিদ্যালয়ত পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা। শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত শিলাকুটি মণ্ডলৰ ২০৬নং গোমোঠা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত কালি ১৪নম্বৰ মাউত গাঁও আৰু দেওঁধাই জনজাতি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ২০৬নং গোমোঠা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হয় পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা।পৰিৱেশ প্ৰদূষণ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বানমুখ দিলিহি ধাইআলি মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা শিৱসাগৰ জিলাৰ কৃতী শিক্ষক ৱাহিদুৰ ৰহমান।অনুষ্ঠান ভাগি আঁত ধৰে ২০৬নং গোমোঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম কোঁচে।

পেলনীয়া সামগ্ৰী সমূহৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ ৰোধ কৰি পেলনীয়া সামগ্ৰীৰে ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন নিত্য ব্যৱহাৰ্য্য সামগ্ৰী সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ এই সজাগতা সভা আৰু কৰ্মাশালাৰ জৰিয়তে প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষক বানমুখ দিলিহি ধাইআলি মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা শিৱসাগৰ জিলাৰ কৃতী শিক্ষক ৱাহিদুৰ ৰহমানে।প্ৰায় ৬০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় এই সজাগতা সভা আৰু কৰ্মাশালাত।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Related Articles