Breaking

মৈৰাবাৰীত নাৰী সচেতনৰ উদ্দেশ্যি সজাগতা সভা

0 84

মৈৰাবাৰীত নাৰী সচেতনৰ উদ্দেশ্যি সজাগতা সভা অনুষ্ঠিত । আজি মৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত Instructional Values & Best Practice Cell (IQAC)’ৰ দ্বাৰা আয়োজিত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।
মহিলা তথা স্কুল-কলেজীয়া ছাত্ৰী সকলক ঋতুস্ৰাৱৰ পৰা হোৱা নানান বেমাৰ সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্যি আয়োজন কৰা হয় এই সজাগতা সভাখন।

মৈৰাবাৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ড° ৰেহেনা আহমেদৰ তত্বাৱধানত অনুষ্ঠিত সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী হস্পিতালৰ চিকিৎসক ড° স্বামীমা আলম।

প্ৰায় দুই ঘণ্টা যোৰা সজাগতামূলক অনুষ্ঠানটোত মহিলা সকলক- ঋতুস্ৰাৱৰ পৰা হব পৰা বিভিন্ন বেমাৰৰ বাবে প্ৰয়োজনীয় পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে আলোচনা কৰা হয়। আগন্তুক দিনত মহিলা সকলক লৈ এনে সজাগতা সভা অনুষ্ঠিত কৰি মহিলা সকলৰ মাজত সজাগতা আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আমন্ত্ৰিত চিকিৎসক গৰাকীয়ে উল্লেখ কৰে।

Leave A Reply