Breaking

কিন্নৰ সকলৰ অধিকাৰ আৰু বিশেষাধিকাৰ সম্পৰ্কত ওদালগুৰিত সজাগতা সভা

0 78

ওদালগুৰি সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি ওদালগুৰিৰ যুটীয়াস্বাস্থ্য সঞ্চালকালয় কাৰ্যালয়ৰ সভাগৃহত কিন্নৰ সকলৰ অধিকাৰ আৰু বিশেষাধিকাৰ সম্পৰ্কত এখনি সজাগতা সভা‌ অনুষ্ঠিত হৈ যায়।

অনুষ্ঠানটোত এনাজৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিস্থাপক মিলিন দত্তই সমল‌‌ ব্যক্তি হিচাবে উপস্থিত থাকি কিন্নৰ সকলৰ শাৰীৰিক, দৈহিক আৰু মানসিক বিকাশৰ লগতে অৱস্থাৰ ওপৰত বিস্তৃত ভাবে প্ৰশিক্ষণ প্ৰদান কৰে।

অনুষ্ঠান খনত সমাজ কল্যাণ বিষয়া অঞ্জনা ব্ৰহ্ম, ওদালগুৰিৰ নৱ নিযুক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ড° ভুৱনেশ্বৰ স্বৰ্গীয়াৰী,‌ ওদালগুৰি পৌৰ সভাৰ পৌৰপতি ৰাকেশ বড়ো, এম আৰ এছ ডি এন জি অৰ অধ্যক্ষ মিলন দাসকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ লগতে ৰ’জ এন জি অ, আশা কৰ্মী,‌অংগনাৱাদী কৰ্মী, ছাত্ৰ সংগঠন আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী অনুষ্ঠানটোত উপস্থিত থাকে।

আনহাতে সজাগতা সভা খন পৰিচালনা কৰে এঞ্জেলিছা বসুমতাৰী আৰু মাইনাওশ্ৰী বড়োয়ে।

Leave A Reply