লিংগ বৈষম্য দূৰ কৰা লক্ষ্যৰে স্বেচ্ছাসেৱী সংগঠনৰ সজাগতামুলক সভা, ফুটবল প্ৰতিযোগিতা

সামাজৰ পৰা লিংগ বৈষম্য দুৰ কৰি চাহ বাগিচাৰ মহিলা সকলক সমাজ উন্নয়ন বাবে পথ দেখুৱাই হাতে হাত ধৰি লগত লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউৰ বিভিন্ন চাহ বাগিচাত “ইনভেটিভ চেইঞ্জ কলাবৰেটিভ চাৰ্ভিচ প্ৰাইভেট লিমিটেড” চমুকৈ আইচিচিএচপিএলে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। সংস্থা টোৱে “ৱমেন চেফ্টি এক্সেলেৰেটৰ ফাণ্ডৰ” কাৰ্যসূচী যোগেদি ২৫ নবেম্বৰ পৰা ১০ ডিচেম্বৰৰ মানৱঅধিকাৰ দিৱসলৈকে ১৬ দিনিয়া কাৰ্য্যসূচীৰে চাহ বাগিচাসমুহত আৰম্ভ কৰিছে মহিলা আৰু কিশোৰ কিশোৰী নিৰ্যাতন বিৰোধী পশেষ।

৪ ডিচেম্বৰত ডিমৌ সমীপৰ ৰাজমাই চাহ বাগিচা খেলপথাৰত চাহ বাগিচাৰ ছাত্র-ছাত্ৰী সকলৰ মাজত মাজত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰুষ মহিলাৰ মাজত থকা ব্যৱধান হ্রাস কৰাৰ প্ৰয়াস কৰে। উক্ত ফুটবল খেল সমাপ্তিৰ পিচত মহিলা আৰু কিশোৰ-কিশোৰী নিৰ্যাতন ৰোধ কৰা সন্দৰ্ভত এখন সজাগতমুলক সভা অনুষ্ঠিত কৰে।

Related Articles