বৰপেটা জিলাৰ ৪৭ নং চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙা ৰাজহ চক্ৰৰ উদ্যোগত চেঙা উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ সভাকক্ষত আজি ‘অসম ৰাজহুৱা সেৱা অধিকাৰ আইন ২০১৯’ সম্পৰ্কীয় এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় ৷ জনসাধাৰণক ‘অসম ৰাজহুৱা সেৱা অধিকাৰ আইন’ৰ অধীনত নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত উপলব্ধ হোৱা সেৱা সমূহৰ বিষয়ে বক্তব্য আগবঢ়াই ক্ৰমে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰানজিৎ কুমাৰ দেৱৰ লগতে অসম ৰাজহুৱা সেৱা অধিকাৰ আইনৰ বৰপেটা জিলাৰ মাষ্টাৰ ট্ৰেইনাৰ অধ্যাপক পাৰ্থপ্ৰতিম চৌধুৰীয়ে। চেঙা ৰাজহ চক্ৰৰ জ্যেষ্ঠ সহায়ক গীতা কাকতি পাঠকে অাঁত ধৰা এই অনুষ্ঠানত চেঙা আৰু গোমাফুলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ক্ৰমে লাচিত দাস আৰু আয়নাল হ’ক মোল্লাৰ লগতে চেঙা ৰাজহ চক্ৰৰ অধীনৰ গাঁওবুঢ়া, গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে।

