Breaking

ৰোহিতা চাপৰি প্ৰাথমিক বিদ্যালয়ত “গড় বিদ্যালয়ৰ যাত্ৰা”শীৰ্ষক সজাগতা সভা সম্পন্ন

0 2,246

উত্তৰ-পূৱাঞ্চলৰ সৰ্ববৃহৎ প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে ৰঙামাটি মৌজা দুসুঁতিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত বানেগৰকা ৰোহিতা চাপৰি প্ৰাথমিক বিদ্যালয়ত আজি “গঁড় বিদ্যালয়ৰ যাত্ৰা” শীৰ্ষক এক প্ৰকৃতি সজাগতা সভা অনুষ্ঠিত কৰে। অৰণ্যকৰ মধ্য অসম মণ্ডলৰ সমন্বয়ক আৰিফ হুছেইনে পৰিচালনা কৰা সভাত উদেশ্য ব্যাখ্যা আগবঢ়াই প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সদস্য ইভান ল‌ইঙে। অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী স‌ংগঠনৰ তৰফৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ আগত তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এলানি কুইজ প্ৰতিযোগিতা আয়োজন কৰি শুদ্ধ উত্তৰ দিয়াসকলক পৰিৱেশ সম্বন্ধীয়  কিতাপৰ টোপোলা দিয়া হয।সভাত মুখ্য অতিথি হিচাপে কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ধ্ৰুৱজ্যোতি নাথ, জেষ্ঠ সাংবাদিক তথা অনুষ্ঠানটোৰ সমল ব্যক্তি স্বপন নাথ,আৰণ্যকৰ গঁড় আৰু গৱেষণা সংৰক্ষণ বিভাগ আৰু মধ্য অসম মণ্ডলৰ সমন্বয়ক আৰিফ হুছেইন ,বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰিধৰ দাস,সহকাৰী শিক্ষক কিৰণ বড়ি , বিদ্যালযৰ পৰিচালনা সমিতি সভাপতি বুবুল দলে ,প্ৰাক্তন সভাপতি গিৰিন্দ দলে ,স্থানীয় সংবাদ কৰ্মী বলোৰাম কামান আৰু আৰণ্যকৰ সদস্য ক্ষীৰোদ শইকীয়া,বাবুকান্ত দাৱ , স্থানীয় প্ৰকৃতিপ্ৰেমী প্ৰশান্ত মৰাঙেও উপস্থিত থাকে।সভাত  ভাষন প্ৰদান কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ,স্বপন নাথ,বিদ্যালয়ৰ প্ৰধান গিৰিধৰ দাস আৰু ৰাইজৰ ফালৰ পৰা ৰাজকুমাৰ দলেয়ে৷আৰণ্যকৰ সদস্য ক্ষীৰোদ শইকীয়াই এটি পৰিৱেশ সংৰক্ষণৰ ওপৰত লিখা স্বৰচিত কবিতা আবৃত্তি কৰে।সভাৰ শলাগৰ শৰাই আগবঢ়ায়  আৰণ্যকৰ সদস্য ইভান লইঙে।

Leave A Reply