ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী চাহ বাগানত শিশু সৰবৰাহ আৰু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাখনৰ অন্তৰ্গত বিভিন্ন বাগান কৰ্তৃপক্ষৰ সহযোগত বাগান অঞ্চলত সঘনাই ঘটি থকা মানৱ সৰবৰাহ ,শিশু শ্রমিক, বাল্য বিবাহ ,নাৰীজনিত অপৰাধ আদি বিভিন্ন দিশ সামৰি জিলা প্ৰশাসনে সজাগতা সভা অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে কেইমাহ মান আগতে জিলাৰখনৰ অন্তৰ্গত মুঠ ২৩ খন চাহ বাগিচাত সজাগতা সভা অনুষ্ঠিত কৰিছিল জিলা প্ৰশাসনে।

কিছুদিন আগতে ওদালগুৰি জিলা প্ৰশাসনে মাজুলী চাহ বাগানৰ পৰা তিনিজন শিশুক সৰবৰাহীৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয়।

উক্ত ঘটনাৰ সংক্ৰান্তত ৰাইজক সজাগ সচেতন কৰিবলৈ বুধবাৰে মাজুলী চাহ বাগিচাত জিলা প্ৰশাসনে বিভিন্ন বিভাগৰ লগতে বাগান কৰ্তৃপক্ষৰ সহযোগত বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰে।

সভাত ভেৰগাও মহকুমাৰ মহকুমাধিপতি পল্লৱী কছাৰী, ওদালগুৰি জিলা উপায়ুক্ত ড° সাদনেক সিঙ, জিলা সহকাৰী আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগু,বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মাই সজাগতা মূলক ভাষণ দিয়ে।

সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ড° ভুবেনেশ্বৰ স্বৰ্গীয়াৰী,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া ৰাজেশ হাজৰিকাই বিভাগীয় আঁচনিৰ ওপৰত আৰু মাজুলী এ চি এম এছৰ সভাপতি অনন্ত গোৱালাই বাগান অঞ্চল অভাৱ অভিযোগ সম্পৰ্কীয় ভাষণ দিয়ে।

তিনি শতাধিক অভিভাৱকৰ লগতে ছাত্র ছাত্ৰী উপস্থিত থকা সজাগতা সভা খনত মোবাইল মেডিকেল ইউনিট আৰু আৰ বি এছ কে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়।

সভাত জিলা শিশু সুৰক্ষা সমিতি, চাইল্ড লাইন,শিক্ষা বিভাগ, সমাজ কল্যান বিভাগ, শ্ৰম বিভাগ, পুলিচ প্ৰশাসন, জন স্বাস্থ্য কাৰিকৰী বিভাগ,ডি আৰ ডি এ, শিশু কল্যান সমিতি,বাগান পৰিচালনা সমিতি,জে জে বি, আশা কৰ্মী, শিক্ষক, শিক্ষয়িত্ৰী, অংগনাৱাড়ী কৰ্মী ,আদিবাসী ছাত্র সংগঠন, এছ এম চিৰ বিষয় ববীয়াসকল উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বঢ়ায়।

Related Articles