Breaking

ওদালগুৰি জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু ৰ’জ এন জি অৰ সহযোগত নিচা মুক্তি আৰু শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

0 67

ওদালগুৰি জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু ৰ’জ এন জি অ, চাইল্ড লাইনৰ সহযোগত আজি নিচা মুক্তি অভিযান আৰু শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা ডিমাকুছিৰ শেষৰ শংকৰ মিছন হাইস্কুল, ৰিয়াছ একাডেমী,নাওঁ বন্ধা মধ্য ইংৰাজী বিদ্যালয় আৰু ডিমাকুছি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈ যায়।ওদালগুৰি জিলা চাইল্ড লাইনৰ সংগঠক অৰূপ বড়োয়ে আঁত ধৰা কেওতা সজাগতা সভাত চাইল্ড লাইনৰ সংগঠক হিমাক্ষী ৰাভা আৰু ৰ’জ শিশু গৃহৰ কৰ্মী ভূমিতা বসুমতাৰীয়ে মাদক দ্ৰব্য আৰু নিচা জাতীয় বস্তুৰ কুপ্ৰভাবৰ ওপৰত ছাত্র ছাত্ৰীক সজাগ দিয়াৰ লগতে এই নিচা জাতীয় বস্তু বৰ্জন কৰিবলৈ আহ্বান জনায়, আনহাতে চাইল্ড লাইনৰ কৰ্মী জুনম নিশি শৰ্মাই চাইল্ড লাইন ১০৯৮ সেৱা আৰু ইয়াৰ ভূমিকা সন্দৰ্ভত ব্যক্ত কৰি কয় যে আজিৰ শিশু কাইলৈ দেশৰ ভবিষ্যত, শিশু সকলক সুৰক্ষা প্ৰদান কৰা আৰু যতন লোৱা আমাৰ কৰ্তব্য বুলি কয়।শিশু সকলৰ যিকোনো ধৰণৰ সমস্যা আহিলে ১০৯৮ নম্বৰত ফোন কৰি অভিযোগ কৰিবলৈ কয়।

আনহাতে সমাজ কৰ্মী তথা সাংবাদীক অৰূপ বড়োয়ে শিক্ষানুষ্ঠান ওচৰত থকা দোকান বোৰত দোকানী বোৰে যাতে দ্ৰাক্স তথা নিচা জাতীয় বস্তু যাতে বিক্ৰী নোৱাৰে তাৰ বাবে শিক্ষা বিভাগ তথা জিলা প্ৰশাসনক উচিত ব্যৱস্থা লবলৈ আহ্বান জনায়।লগতে তেওঁ কয় যে দিনে দিনে আমাৰ সমাজত মানৱ সম্পদ ধ্বংস হবলৈ ধৰিছে, ইয়াৰ একমাত্ৰ কাৰণ নিচা বুলি কয় আৰু সকলোকে নিচাৰ প্ৰতি সজাগ হবলৈ আহ্বান জনায়। সজাগতা সভাত উপস্থিত থাকে ক্ৰমে প্ৰধান শিক্ষক মেদিনী বৰা,খগেন শৰ্মা,গোপাল কুমাৰ দে আৰু গিৰিশ ডেকা লগতে চাইল্ড লাইনৰ সংগঠক ৰাহুল বড়োয়ে।

Leave A Reply