কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুলহাটী পাচগাওঁ পঞ্চায়তৰ কাৰ্যলয়ত হাজো উণ্ণয়ন খণ্ড বিভাগৰ উদ্যোগত আৰু পঞ্চায়তৰ সহযোগত আজি জল জীৱন মিছন আঁচনিৰ সঠিক ৰূপায়নৰ সন্দৰ্ভত এখনি সজাগতামূলক সভা সম্পণ্ণ হ’য়।সভাত জল জীৱন মিছন আঁচনিৰ কাৰ্যকৰীকৰণৰ ওপৰত সঠিক ৰূপায়নৰে গঠনমূলক আলোচনা কৰা হ’য়।সভাত সভাপতিত্ব কৰে কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভানেত্ৰী পদুমি দাসে। সভাৰ উদ্দেশ্য বাখ্যা কৰে পঞ্চায়ত সচীব দ্বীপেন্দ্ৰ কুমাৰ কাকতিয়ে।

লগতে উক্ত সভাত জল জীৱন মিছন আঁচনিৰ সঠিক ৰূপায়ন সন্দৰ্ভত সজাগতামূলক বাখ্যাওঁ দাঙি ধৰে। তদুপৰি আজিৰ সভাখনত উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সদস্য পৰেশ দাস,কনিষ্ট অভিযন্তা ৰুমি বসুমতাৰী,গ্ৰাম ৰোজগাৰ দীপক দাস, পংকজ দাস,নৃপেন দাসকে প্ৰমূখ্য কৰি অঞ্চলটোৰ প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি।

