Breaking

অযোধ্যা দীপোৎসৱঃ ২৪ লাখ বন্তিৰে আলোকিত অযোধ্যা চহৰ…

0 68

অযোধ্যা দীপাৱলীঃ ভগৱান ৰামৰ নগৰ অযোধ্যাই সৃষ্টি কৰিছে এক নতুন বিশ্ব অভিলেখ। অযোধ্যাত পোহৰ আৰু আতচবাজীৰ উৎসৱত জিলিকি উঠিছে। এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথও অযোধ্যাত উপস্থিত হয়। ২৪ লাখ বন্তিৰে আলোকিত কৰিছে সমগ্ৰ অযোধ্যা চহৰ। দীপোৎসৱ উপলক্ষে চাকি-বন্তি জ্বলোৱাৰ লগে লগে জিলিকি উঠিছে ৰাম নগৰী। মঠ-মন্দিৰসমূহ ফুলেৰে সজাই তোলা হৈছে, আনহাতে ৰাম মন্দিৰলৈ যোৱা পথটোও ফুলেৰে সজাই তোলা হৈছে।

ৰামনগৰীত ২২ লাখ ২৩ হাজাৰ বন্তি জ্বলোৱাৰ লগে লগে ৰচিত হ’ল এক অনন্য ইতিহাস। বন্তি জ্বলোৱাৰ এই অভিলেখ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰাও প্ৰমাণপত্ৰ লাভ কৰিছে। লাখ লাখ বন্তি জ্বলাই পুনৰ এক নতুন বিশ্ব অভিলেখ গঢ়িলে ৰামময় অযোধ্যাই। নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অযোধ্যা চহৰে একেলগে ২২ লাখ ২৩ হাজাৰ বন্তি জ্বলোৱাৰ এক নতুন আৰু আচৰিত অভিলেখ সৃষ্টি কৰিছে।

যোগী আদিত্যনাথে দীপাৱলী উপলক্ষে অযোধ্যাবাসীক শুভেচ্ছা জনাই ভগৱান ৰামৰ জীৱনক নিজ শৈলীৰে বৰ্ণনা কৰে। অযোধ্যা চহৰত তেওঁ কয় যে ৫০০ বছৰৰ পাছত পুনৰ ৰাজত্ব কৰিব ৰামলালে। ভগৱান শ্ৰীৰামৰ ৰাজ অভিষেক শতাধিক দেশত লাইভ সম্প্ৰচাৰ হৈছিল। ৫৪খন দেশৰ কূটনীতিবিদসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী যোগীৰ উপৰিও ৰাজ্যপাল আনন্দীবেন পেটেল, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক, সন্ত সমাজ, বলীউডৰ অভিনেত্ৰী আশা পাৰিখেও অযোধ্যা চহৰত ৰাম দৰবাৰৰ তিলক কৰিছিল।


Leave A Reply