Breaking

জৰুৱাৰ চৰ পাৱলিক হাইস্কুলৰ প্ৰধান শিক্ষক আয়ুব আলীৰ আজৱ কাণ্ড। নিজ খেয়াল খুচিত দুদিন ধৰি বন্ধ কৰি দিছে বিদ্যালয়।

0 2,635

চৰকাৰী স্কুল খোলা – বন্ধ কাৰ নিৰ্দেশত হয় ? শিক্ষক নে চৰকাৰৰ ? আজি আমি শিক্ষকৰ নিৰ্দেশত চলা এখন বিদ্যালয় দেখুৱাম।

যিখন বিদ্যালয় প্ৰধান শিক্ষকৰ কথা মতে বন্ধ হয় আৰু প্ৰধান শিক্ষক জনৰ নিৰ্দেশত খোল খায়। এইখন হৈছে ধুবুৰী জিলাৰ স্কুল পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ অন্তৰ্গত জৰুৱাৰ চৰ পাৱলিক হাই স্কুল। এই খন বিদ্যালয়ৰ এইজন প্ৰধান শিক্ষক । নাম আয়ুব আলী । প্ৰধান শিক্ষক আয়ুব আলীয়ে নামানে চৰকাৰী নিৰ্দেশ। প্ৰধান শিক্ষক জনৰ ইচ্ছা মতে চলে বিদ্যালয় খন।

উল্লেখ্য যে, দুই জুনত বিদ্যালয় খনত গুণোৎসৱ হোৱাৰ পাছত তিনি আৰু চাৰি জুন চৰকাৰী বন্ধ নথকাত প্ৰধান শিক্ষক আয়ুব আলীয়ে ঘোষণা কৰিলে বন্ধ। যাৰফলত দুদিন ধৰি জৰুৱাৰ চৰ পাৱলিক হাই স্কুল খন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এজন প্ৰধান শিক্ষকৰ গাফিলতিৰ ফলত শ শ ছাত্ৰ ছাত্ৰী দুদিন ধৰি পাঠদানৰ পৰা বঞ্চিত হৈ আছে।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, ধুবুৰী জিলা বিদ্যালয় পৰিদৰ্শক আৰু ধুবুৰী জিলা উপায়ুক্ত আম্বামুথন এম পিয়ে কেনে ব্যৱস্থা হাতত লয় সেয়া সময়তহে লক্ষণীয় হব

Leave A Reply