দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কালি বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ ভৱন প্ৰাংগনত ভাৰত চৰকাৰৰ লোক সম্পৰ্ক আৰু সঞ্চাৰ ব্যুৰো ‘ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়,ফিল্ড আউটৰিছ ব্যুৰ,তেজপুৰৰ উদ্যোগত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে”” আজাদী কা অমৃত মহোৎসৱ” উদযাপন কৰে ।উক্ত কাৰ্যসূচীৰ সঞ্চালন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টীৰ স্থানীয় জনপ্ৰিয় নেতা লক্ষীকান্ত বৰাই। কাৰ্য্যসুচীত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু কিশোৰ কিশোৰী সকলৰ মাজত দেশপ্ৰেমমূলক গীত- নৃত্য আকস্মিক বক্তৃতা,চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিযোগী সকলক স্থানীয় শিক্ষক মিণ্টু কটকী ,প্ৰকাশ বৰা আৰু ৰাজেন্দ্ৰ কলিতাৰ দ্বাৰা প্ৰতিটো প্ৰতিযোগীতাৰ প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান বিচাৰ কৰি “ফিল্ড আউটৰিছ ব্যুৰ ” ৰ দ্বাৰা আকৰ্ষণীয় পুৰস্কাৰ বিতৰণ কৰা হয় ।উল্লেখনীয় যে ইটাখোলাৰ দিকৰাই চাহ বাগিচাৰ ভূপেন শইকীয়াৰ এক মাত্ৰ বিশেষ ভাবে সক্ষম পুত্ৰ আকাশ শইকীয়া(১৪)ই অনুষ্ঠানত আহিব নোৱাৰি ঘৰতে বহি চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশৰ স্বতন্ত্ৰ সেনানী বীৰ ভগত সিংৰ প্ৰতিচ্ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।লগতে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে ।প্ৰতিভাবন কিশোৰ আকাশক ঘৰতে গৈ অনুষ্ঠানটিৰ আয়োজক “ফিল্ড আউটৰিছ ব্যুৰ ” তেজপুৰৰ প্ৰচাৰ বিষয়া সাৰংগ পানি বৰাই পূৰস্কৃত কৰে । উক্ত অনুষ্ঠানত ইটাখোলা অঞ্চলৰ চলিত বৰ্ষৰ আদৰ্শ শিক্ষক বটা প্ৰাপ্ত শিক্ষয়িত্ৰী মালবিকা শইকীয়া কটকীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি দেশৰ স্বতন্ত্ৰ সেনানী সকলৰ স্মৰণ কৰি এক তত্বগধুৰ ভাষণ প্ৰদান কৰে ।

