Breaking

নাজিৰা মহাবিদ্যালয়ক NAACৰ বি প্লাছ গ্ৰেড

0 2,021

যোৱা ১২ আৰু ১৩ নবেম্বৰত নাকৰ এটা তিনিজনীয়া দলে নাজিৰা মহাবিদ্যালয় পৰিদৰ্শন কৰে ৷পৰিদৰ্শন কালত প্ৰতিনিধি দলটিয়ে মহাবিদ্যালয়ৰ শৈক্ষিক ,প্ৰশাসনিক দিশ আদি চাই সন্তুষ্টি প্ৰকাশ কৰে ৷এই ক্ষেত্ৰত তেওঁলোকে শিক্ষকসকলৰ সামাজিক দায়বদ্ধতাৰ শলাগ লয় ৷ দলটিত সঞ্চালক হিচাপে বীৰ নৰ্মড চাউথ গুজৰাট বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশচন্দ্ৰ জি কোঠাৰী ,সমন্বয়ক ড° বিশ্বম্ভৰ প্ৰসাদ  চাটী ( ভূগোল বিজ্ঞান বিভাগ ,মিজোৰাম বিশ্ববিদ্যালয় )  সন্মানীয় সদস্য হিচাপে শ্ৰী সিদ্বি বিনায়ক মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পুষ্পা ৰানাডে উপস্থিত থাকে ৷ এই পৰিদৰ্শনৰ পাছতে যোৱা ১৬ নবেম্বৰত নাকে নাজিৰা মহাবিদ্যালয়ক বি প্লাছ (B + )  (CGPA :2.71)গ্ৰেড প্ৰদান কৰে ৷এই সাফল্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু ফুকনৰ লগতে মহাবিদ্যালয়ৰ লগত জড়িত সকলোৱে উল্লসিত হোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷

Leave A Reply