ইজৰাইল (baba vanga predictions) আৰু আমেৰিকাই যৌথভাৱে ইৰাণ আক্ৰমণ কৰাৰ পিছতে গা কৰি উঠিছে তৃতীয় বিশ্ব যুদ্ধৰ আশংকাই৷ এনে সময়তে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈও চলিছে চৰ্চা৷ তেওঁক বল্কানৰ নষ্ট্ৰাডামুছ বুলি কোৱা হয়৷ তেওঁ কৈ গৈছিল যে ২০২৬ চনত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে৷ অৱশ্যে বাবা ভাংগাই লগতে কৈছিল যে ২০২৬ বৰ্ষটো মানৱতাৰ বাবে এক ডাঙৰ আঘাত হ’ব৷ বৃহৎ ক্ষতি হ’ব, কিন্তু মানৱ সভ্যতাৰ অন্ত নপৰে৷
৫০৭৯ চনলৈকে পৃথিৱীখন জীয়াই থাকিব৷ মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ উত্তেজনা আৰু সংঘাতৰ লগে লগে বহুতে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সত্য হোৱা যেন দেখিবলৈ পাইছে৷ বাবা ভাংগাই কৈছিল যে ২০২৬ চনত ইউৰোপত যুদ্ধ হ’ব আৰু ইয়াৰ প্ৰভাৱ ইমানেই ভয়ংকৰ হ’ব যে ই সমগ্ৰ মহাদেশখনকে ধবংস কৰি পেলাব৷ এই ঘটনাৰ পিছত ৰাছিয়াই নিজকে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শক্তি হিচাপে প্ৰমাণ কৰিব৷ কিছুমান সংস্কৰণত কোৱা হৈছে যে এই সংঘাতৰ পিছত ইউৰোপ অৰ্থনৈতিক আৰু সামাজিকভাৱে দুৰ্বল হৈ পৰিব আৰু ৰাছিয়া তুলনামূলকভাৱে শক্তিশালী স্থানলৈ উঠিব,যাৰ ফলত বিশ্ব শক্তিৰ ভাৰসাম্যৰ বৃহৎ পৰিৱৰ্তন ঘটিব৷ একে সময়তে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে এই বছৰ পাৰমাণৱিক যুদ্ধৰ পৰা আৰম্ভ কৰি সঘনাই ভূমিকম্প আৰু ছুনামিৰ সৃষ্টি হ’ব৷
২০২৬ চনৰ আৰম্ভণিতে ‘মহাযুদ্ধ’ আৰম্ভ হ’ব, যিখন পূবৰ পৰা আৰম্ভ হৈ পশ্চিমলৈ বিয়পি পৰিব৷ যদিও এই দাবীক লৈ তীব্ৰ বিতৰ্ক চলি আছে, তথাপি অনি(য়তাৰ সময়ত এনে ভৱিষ্যদ্বাণীৰ প্ৰতি আগ্ৰহ বাঢ়িছে৷ ১৯১১ চনত জন্মগ্ৰহণ কৰা বাবা ভাংগাই শিশু অৱস্থাত দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাইছিল৷ পিছত তেওঁ দাবী কৰিছিল যে তেওঁ অন্ধ হৈ পৰাৰ পিছত অলৌকিক দৃষ্টিশক্তি লাভ কৰিছিল৷ তেওঁৰ অনুগামীসকলে দাবী কৰে যে তেওঁ বহুতো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰিছিল– যেনে জ্ঝযৰৰৰ আক্ৰমণৰো৷

