Breaking

বাবা ভাংগাৰ ৫ টা ভৱিষ্যদ্বাণী সঁচা হ’লে ধ্বংস হ’ব পৃথিৱী…

0 174

২০২৩ চনৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে জনসাধাৰণৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। বুলগেৰিয়াৰ বাবা ভেংগাই চকুৰে দেখা নাপাই যদিও তেওঁ আগতে সঠিক ভৱিষ্যদ্বাণী কৰিছিল। কোৱা হয় যে বাবা ভেংগাই ১২ বছৰ বয়সত চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল। প্ৰায় ২৭ বছৰ আগতে বাবা ভেংগাৰ মৃত্যু হৈছে যদিও বিশ্বৰ বাবে তেওঁৰ বহু ভৱিষ্যদ্বাণীয়ে আজিও মানুহক আচৰিত কৰি তুলে। ২০২৩ চনৰ বাবে বাবা ভেংগাই কি ভৱিষ্যদ্বাণী কৰিছিল জানেনে…

বাবা ভাংগাৰ ৫ টা গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী-


১) বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৩ চনত এটা ডাঙৰ পাৰমাণৱিক শক্তি কেন্দ্ৰত বিস্ফোৰণ হ’ব পাৰে। এই কাৰণেই এছিয়া মহাদেশৰ আকাশ ডাৱৰে আৱৰি ধৰিব। বাবা ভেংগাৰ এই ভৱিষ্যদ্বাণী ভাৰতকে ধৰি এছিয়া মহাদেশত বসবাস কৰা লোকসকলৰ বাবে ভয়ংকৰ৷

২) বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৩ চনত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে। এই সময়ছোৱাত যিকোনো দেশেই পাৰমাণৱিক বোমাৰে আক্ৰমণ কৰিব পৰাৰ সম্ভাৱনাও আছে। ইয়াৰ বাবেই পৃথিৱীৰ এক বৃহৎ অংশত বিধ্বংসী দৃশ্য দেখা যায়। বৰ্তমান ৰাছিয়া-ইউক্ৰেইন যুদ্ধ চলি আছে। যাৰ ওপৰত বিশ্বৰ বেছিভাগ দেশেই বিভিন্ন শিবিৰত বিভক্ত। ৰাছিয়াই কেইবাবাৰো পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছে।

৩) ২০২৩ বৰ্ষৰ সন্দৰ্ভত বাবা ভেংগাৰ ভৱিষ্যদ্বাণী অনুসৰি এই বছৰত কিবা এটা ডাঙৰ জ্যোতিৰ্বিজ্ঞানৰ ঘটনা ঘটিব পাৰে। কেৱল এয়াই নহয়, ইয়াৰ বাবেই পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন হ’ব পাৰে। ইয়াৰ ফলত আমাৰ পৰিবেশৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব। ইয়াৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে পৃথিৱীবাসীয়ে।

৪) বাবা ভেংগাই কয় যে ২০২৩ চনত বিজ্ঞানীসকলে বহুতো অদ্ভুত উদ্ভাৱন কৰিব পাৰে। ইয়াৰে এটা বিপদজনক জৈৱিক অস্ত্ৰও হ’ব পাৰে। যদি ইয়াক ব্যৱহাৰ কৰা হয় তেন্তে বৃহৎ পৰিসৰত ধ্বংসৰ দৃশ্য দেখা যায়।

৫)২০২৩ চনটো ট্ৰেজেডী আৰু অন্ধকাৰৰ বছৰ হ’ব পাৰে। ভয়াবহ বানপানী হ’ব। প্ৰচণ্ড ধুমুহাও বহু অঞ্চলত হ’ব পাৰে।

Leave A Reply