গোসাঁইগাঁৱৰ নেতাজী উচ্চ ইংৰাজী বিদ্যাপীঠৰ প্ৰধান শিক্ষক বাদল দে’ৰ কাৰ্যকাল বৃদ্ধিৰ দাবী ৰাইজৰ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ এলেকাৰ শৈক্ষিক ক্ষেত্ৰত অনবদ্য সেৱা আগবঢ়োৱা নেতাজী উচ্চ ইংৰাজী বিদ্যাপীঠৰ প্ৰধান শিক্ষক বাদল চন্দ্ৰ দে’ৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে৷

গোসাঁইগাঁও সদৰ চহৰৰ অন্তৰ্গত ২ নং ৱাৰ্ডত বিগত ১৯৯৫ চনত স্থাপন কৰা অসমীয়া আৰু বাংলা মাধ্যমৰ শিক্ষানুষ্ঠানখন দিনক দিনে উন্নতিৰ দিশলৈ গতি কৰাৰ মূল ব্যক্তি প্ৰধান শিক্ষক বাদল চন্দ্ৰ দে’ৰ কাৰ্যকাল ২ বছৰ বৃদ্ধি কৰিবলৈ বাবুবিল, পদ্মপুখুৰী আদিকে ধৰি ওচৰে পাঁজৰে থকা কেইবাখনো গাঁৱৰ গাঁওবুঢ়া সহ স্থানীয় ৰাইজে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।

শিক্ষকজনে বিগত সময়ত উক্ত অঞ্চলটোৰ আদিবাসী ৰাইজৰ শিক্ষাৰ উত্তৰণৰ বাবে যথেষ্ট কাম কৰিছে। উল্লেখ্য যে নেতাজী উচ্চ ইংৰাজী বিদ্যাপীঠত ৬০ শতাংশ শিক্ষাৰ্থী চাঁওতাল সম্প্ৰদায়ৰ ৷বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাদল চন্দ্ৰ দে’ চাঁওতালী ভাষাত যথেষ্ট পাৰ্গত ৷

সেই হেতুকে চাঁওতাল শিক্ষাৰ্থী সকলে অসমীয়া ভাষাত কোনো বিষয় বুজাত অসুবিধা পালে চাঁওতালী ভাষাত বুজাই দি সেয়া শিক্ষাৰ্থী সকলৰ বাবে সহজ কৰি দিয়াত সক্ষম হৈছে ৷উল্লেখযোগ্য যে প্ৰধান শিক্ষক গৰাকীৰ চাকৰিৰ কাৰ্যকাল অহা ফেব্ৰুৱাৰী মাহত অন্ত পৰিব ৷

Related Articles