Bageshwar Dham বাগেশ্বৰ ধামত দুৰ্ঘটনা: দেৱাল খহি এজন ভক্তৰ মৃত্যু, আহত ১২ জন

ডিজিটেল ডেস্ক: Bageshwar Dham মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ বাগেশ্বৰ ধামত গুৰু পূৰ্ণিমাক কেন্দ্ৰ কৰি ভক্তৰ ব্যাপক ভিৰৰ মাজতেই সংঘটিত হ’ল এটা দুঃখজনক দুৰ্ঘটনা। অবিৰত বৰষুণৰ ফলত ধামত থকা এখন দেৱাল খহি পৰে, যাৰ ফলত এজন ভক্তৰ ঘটনাস্থলতে মৃত্যু হয় আৰু আন কমেও ১২ জন ভক্ত আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।

এই দুৰ্ঘটনাৰ পিচত বাগেশ্বৰ ধামৰ প্রধান পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে ভক্তসকললৈ গুৰু পূৰ্ণিমা উৎসৱ ঘৰতে পালন কৰিবলৈ আহ্বান জনাইছে।

তেওঁ কয়, “অতিবৃষ্টিৰ ফলত বাগেশ্বৰ ধামত সৃষ্ট হোৱা বিপজ্জনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ভক্তক বিনম্ৰ অনুৰোধ জনাইছো, আপুনি ঘৰতে থাকি গুৰু পূৰ্ণিমা পালন কৰক। ধামত জনসমাগম আৰু নিৱিড় ভিৰৰ ফলত আপদজনক অৱস্থা সৃষ্টি হৈছে, সেইবাবে সুৰক্ষাক প্ৰধান্য দিয়ক।”

Related Articles