Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক’লা দিন পালন, ২০২০ৰ ২৭ মে’ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত হৈছিল ভয়ংকৰ অইল বিস্ফোৰণ

উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ তিনিচুকীয়া জিলাৰ(Baghjan Oil Blast) বাঘজানত যোৱা ২০২০ বৰ্ষৰ ২৭ মে’ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত BGN-5 নং তৈল কূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয়।

উল্লেখ্য যে অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। জুইত জাহ গৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি। মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষীৰ। মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহু, বাৰেকুৰিৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ। মাগুৰি বিলৰ লগতে শিহু বিখ্যাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল। যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছ। বিনষ্ট হৈছিল অঞ্চলবাসীৰ বহু কৃষিভূমি। ঘটনাত প্ৰাণ গৈছিল পাঁচজনকৈ লোকৰ। অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু স্থানীয় ব্যক্তি শুকলেশ্বৰ নেওগ, উমেশ প্ৰসাদ। এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাঘজান। জীয়া-যন্ত্ৰণাময় প্ৰায় ছমাহ দিন শব্দ, কম্পন, বায়ু প্ৰদূষণৰ মাজেৰে পাৰ কৰিছিল অঞ্চলবাসীৰ ৰাইজে।

আজি সেই দিনটোক সুঁৱৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাঘজান-দীঘলটৰং-কলিয়াপানীবাসী ৰাইজৰ সহযোগত বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত আজি মিলনজ্যোতি যুৱ সংঘৰ কাৰ্যালয়ত পঞ্চম বাৰ্ষিক ‘ক’লা দিন’ পালন কৰে। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি তিলক নেওগ, অসম মৰাণ সভা, বাঘজান শাখাৰ সভাপতি ৰূপম মৰাণ আৰু সংঘৰ উপদেষ্টা প্ৰাঞ্জল গগৈয়ে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়া, প্ৰকাশ হাজৰিকা, সাধাৰণ সম্পাদক জিন্টু হাজৰিকা, উপ-সভাপতিদ্বয় পুনা মৰাণ, ৰণ্টু মৰাণ, সহকাৰী সম্পাদক মিণ্টু মৰাণে। ইয়াৰ পাছতে ঘটনাত প্ৰাণ আহুতি দিয়া মৃতকৰ আত্মাৰ সদগতি অৰ্থে মৌন প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ১৭৩ টা দিনৰ‌ অন্তত ২০২০ বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে বহু প্ৰচেষ্টা আৰু জল্পনা-কল্পনাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত ৮ জনীয়া বিদেশী বিশেষজ্ঞসকলৰ‌ প্ৰচেষ্টাত আৰু অ’ এন জি চি, অইল কৰ্তৃপক্ষৰ সহায়ত অভিশপ্ত অগ্নিকাণ্ড নিৰ্বাপন তথা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

ঘটনাৰ আজি পাঁচটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পাছতো সমস্যাই লগ এৰা নাই বাঘজানবাসীক। বৰ্তমান সময়ত মাটি-পানী প্ৰদূষণৰ লগতে বিভিন্ন ৰোগ-ব্যাধিয়ে দেখা দিছে। আজি দিনটো ক’লা দিন হিচাবে অনাগত দিনতো পালন কৰি যাব আৰু ক্ষতিগ্ৰস্ত বাঘজানবাসীয়ে ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম কৰি যাব, অইল ইণ্ডিয়া লিমিটেড, চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য প্ৰকাশ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়াই। আনহাতে ঘটনাৰ সময়ত বিভিন্ন ধৰণেৰে সহায়-সহযোগিতা আগবঢ়োৱা বিভিন্ন দল-সংগঠন, ব্যক্তি, সামাজিক মাধ্যম, চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সকলোকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাই।

Related Articles