বিশিষ্ট স্বাধীন সাংবাদিক, লেখক আৰু সম্পাদক (Baikuntha Nath Goswami)বৈকুণ্ঠ নাথ গোস্বামীয়ে নিজৰ দীঘলীয়া অভিজ্ঞতা আৰু গভীৰ চিন্তাধাৰাৰ লেখনীৰে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত বহু অৱদান আগবঢ়াই থৈ গ’ল। তেওঁ ১৯৪৬ চনৰ আগষ্ট মাহত পাঠশালাৰ বামুনকুচিত জন্মগ্ৰহণ কৰে আৰু বৰ্তমান গুৱাহাটীস্থিত হেঙেৰাবাৰী হাউছিং কলনিত বাস কৰা গোস্বামীয়ে বহু দশক ধৰি অসমীয়া সাংবাদিকতাৰ উন্নতিত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।
অসমীয়া অগ্ৰনী কাকতসমূহৰ ভিতৰত আগ্রদূত, দৈনিক জনমভূমি আৰু নিউজ ষ্টাৰৰ সম্পাদনা বিভাগত কাম কৰি নিজৰ সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিল গোস্বামী। পাছত তেওঁ ইউনাইটেড নিউজ অব ইণ্ডিয়া (UNI)-ৰ পাটনা কাৰ্যালয়ত বুৰো চীফ হিচাপে দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁৰ এই পদবীৰে তেওঁৰ সাংবাদিকতাজীৱনৰ গৌৰৱ বৃদ্ধি কৰিছিল। লগতে, তেওঁ সামাজিক- ৰাজনৈতিক আলোচনাৰ বাবে জনপ্ৰিয় হোৱাৰ সাপ্তাহিক নীলাচল কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। বৰ্তমান গোস্বামী নিয়মীয়া বাৰ্তা আৰু অসম বাণী আদি কাকতৰ স্তম্ভ লেখক হিচাপে কৰ্মৰত আছিল । লগতে তেওঁ অসম ভূমি কাকতৰ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।
সাংবাদিকতাৰ ক্ষেত্ৰৰ বাহিৰেও বৈকুণ্ঠ নাথ গোস্বামী এখন সাহিত্যিক ৰূপে সমান পৰিচিত। অসমীয়া লোকসাহিত্য সংৰক্ষণৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ প্ৰকাশ পায় তেওঁৰ লোকগল্পসংগ্ৰহ জ্ঞানমালা ১ আৰু জ্ঞানমালা ২-ত। লগতে তেওঁৰ প্ৰবন্ধসংগ্ৰহ নিবন্ধ চয়ন অসমীয়া সমাজজীৱনৰ বিভিন্ন দিশৰ ওপৰত চিন্তনশীল লিখনীৰ সংকলন।
অসমীয়াৰ জাতিগত চিন্তা আৰু ইতিহাসৰ ক্ষেত্ৰতো গোস্বামীৰ অৱদান অমূল্য। তেওঁৰ গ্ৰন্থ অসমীয়া জাতীয়তাবাদ আৰু অসমীয়াৰ সংজ্ঞা-ত অসমীয়াৰ জাতিগত চিন্তা আৰু সাংস্কৃতিক বোধৰ গভীৰ বিশ্লেষণ পাইছে। আন এটা গুৰুত্বপূর্ণ গ্ৰন্থ সংবাদ মাধ্যমৰ স্বাধীনতা-ত তেওঁ অসমত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিকাশ আৰু বর্তমান অৱস্থাৰ তলমূলীয়া বিশ্লেষণ কৰিছে।
বৈকুণ্ঠ নাথ গোস্বামীৰ জীৱন আৰু কাৰ্ম অসমীয়া ভাষা, সংস্কৃতি আৰু সমাজৰ প্ৰতি তেওঁৰ গভীৰ ভালপোৱা আৰু নিষ্ঠাৰ এক উজ্জ্বল দৃষ্টান্ত। তেওঁৰ লিখনীয়ে কেৱল জনমতক প্ৰভাৱিত কৰা নহয়, আগন্তুক প্ৰজন্মৰ সাংবাদিক আৰু সাহিত্যিকসকলৰ বাবে এক পথপ্রদৰ্শকৰ ভূমিকা পালন কৰিছে। সাংবাদিকতাৰ প্ৰতি তেওঁৰ অন্তৰঙ্গ ভালপোৱা আৰু সত্যৰ প্ৰতি অবিচল প্ৰতিশ্ৰুতিয়ে তেওঁক অসমীয় সাংবাদিকতাৰ ক্ষেত্ৰত এক অবিচ্ছেদ্য ব্যক্তি ৰূপে প্ৰতিষ্ঠা কৰিছে।
আজি এইগৰাকী বিশিষ্ট সাহিত্যিক – সাংবাদিক তথা দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বৈকুণ্ঠ নাথ গোস্বামীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে। লগতে লগতে তেওঁৰ আত্মাৰ চিৰ শান্তি প্ৰাৰ্থনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে প্ৰেছ ক্লাবে ।

