Breaking

উদুলি মুদুলি পৰিৱেশঃ মাজবাটৰ খুছুৰাবাৰীত ঘৰে ঘৰে বৈশাগু…

0 23

আনবৰ্ষৰ দৰে এইবাৰো ওদালগুৰি জিলাৰ মাজবাটৰ খুছুৰাবাৰী বড়ো জনগোষ্ঠীয় গাওঁত ৰংজালী বৈশাগু পালনত উদুলি মুদুলি পৰিৱেশ। গাঁও খনৰ যুৱক-যুৱতী, ডেকা-গাভৰু, বৃদ্ধ সকলোৱে ওলাই আহি ঘৰে ঘৰে গৈ বৈশাগু পালন কৰাৰ লগতে জ্যেষ্ঠ জনক সেৱা কৰি আশীর্বাদ লোৱা দেখা যায়। ডেকা-বুঢ়া সকলো আনন্দত মতলীয়া মাদাল, চিফুং, ছেৰ্জাৰ শব্দত।


ভাতৃত্ববোধৰ এনাজৰিৰে সকলো জাতি-ধৰ্মৰ লোকসকল সুখ শান্তিৰে থকাৰ লগতে নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ উদ্দেশ্যে এই কাৰ্যসূচী লোৱা হৈছে বুলি গাঁও পৰিচালনা সমিতিৰ সম্পাদক মুনো বসুমতাৰীয়ে জানিবলৈ দিয়ে। আজিৰ এই কাৰ্যসূচীত গাঁও পৰিচালনা সমিতিৰ উপদেষ্টা কালিচৰন বসুমতাৰী, প্ৰদীপ দৈমাৰী, বিহুৰাম দৈমাৰী, ৰাজেন্দ্ৰ বসুমতাৰী আদিয়ে অংশগ্রহণ কৰে।

Leave A Reply